অসম

assam

ETV Bharat / sports

টকিঅ' অলিম্পিক: নকআউটৰ আশাত বন্দী ভাৰতৰ মহিলা হকী দল - টকিঅ' অলিম্পিক 2020

শনিবাৰে অনুষ্ঠিত হোৱা মহিলা হকীৰ ‘পুল A’ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪-৩ গ'লৰ জয়েৰে টীম ইণ্ডিয়াই তেওঁলোকৰ অৰ্হতাৰ আশা জীয়াই ৰাখিছে । বন্দনা কাটাৰিয়াৰ হেট্ৰিক আৰু নেহা গোৱেলৰ এটা গ'লে ভাৰতীয় দলক সজীৱ কৰি ৰাখিলে অলিম্পিকত ।

Tokyo Olympics
নকআউটৰ আশাত বন্দী ভাৰতৰ মহিলা হকী দল

By

Published : Jul 31, 2021, 2:28 PM IST

স্পৰ্টছ ডেস্ক, ৩১ জুলাই :টকিঅ' অলিম্পিকত (Tokyo Olympic) ভাৰতীয় মহিলা হকী দলৰ পুনৰুত্থান । শনিবাৰে অনুষ্ঠিত হোৱা মহিলা হকীৰ ‘পুল A’ ত (Women Hockey) দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪-৩ গ'লৰ জয়েৰে টীম ইণ্ডিয়াই তেওঁলোকৰ অৰ্হতাৰ আশা জীয়াই ৰাখিলে । বন্দনা কাটাৰিয়াৰ (Vandana Katariya) তিনিটা গ'লৰ বাবে ভাৰতীয় দলটোৱে বিজয়ৰ মুখ দেখিবলৈ সক্ষম হয় । বন্দনা কাটাৰিয়া খেলৰ ৪, ১৭ আৰু ৪৯ মিনিটত গ'ল কেইটা দিবলৈ সক্ষম হয় ।

নেহা গোৱেলে ৩২ মিনিটত ভাৰতৰ হৈ আন এটা গ'ল কৰিবলৈ সক্ষম হয় । পুলৰ অন্তিম দুখন খেলত জয়ী হোৱাৰ লগে লগে ছয় পইণ্ট লাভ কৰে ভাৰতীয় দলটোৱে । ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়ী হোৱাৰ লগে লগে তালিকাৰ চতুৰ্থস্থানলৈ আহিবলৈ সক্ষম হয় । কিন্তু আয়াৰলেণ্ডে (Ireland) পৰৱৰ্তী খেলত যদি জয়ী হয় তেনেহ'লে সকলো আশা ভংগ হ'ব ভাৰতীয় দলটোৰ ।

ভাৰতৰ ভাগ্য এতিয়া গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ মাজৰ ‘পুল A’ খেলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব । সেয়ে সন্ধিয়ালৈ এতিয়া অপেক্ষা সকলোৰে । কিয়নো কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিবলৈ আয়াৰলেণ্ডৰ পৰাজয় বা ড্ৰ'য়ে যথেষ্ট হ'ব ।

ইফালে প্ৰতিটো পুলৰ শীৰ্ষ চাৰিটা দলে নকআউট ৰাউণ্ডৰ (Knock out round) বাবে যোগ্যতা অৰ্জন কৰিব । খেলখনত দক্ষিণ আফ্ৰিকাৰ হৈ ১৫ মিনিটত টাৰিন গ্লাছবিয়ে, ৩০ মিনিটত অধিনায়ক এৰিন হাণ্টাৰে আৰু ৩৯ মিনিটত মাৰিজেন মাৰাইছে গ'ল দিবলৈ সক্ষম হয় । খেলখনৰ পাছতে ভাৰতীয় দলটোৰ অধিনায়ক ৰাণী ৰামপালে জনোৱা মতে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল দলটো । কিয়নো দক্ষিণ আফ্ৰিকা দলটোৱেও যথেষ্ট কষ্ট কৰিছিল খেলত জয়ী হ'বলৈ ।

কিন্তু ভাৰতীয় দলটোৰ প্ৰতিগৰাকী খেলুৱৈৰ চেষ্টাৰ অন্তত ভাৰতীয় দলটোৱে বিজয়ৰ মুখ দেখিবলৈ সক্ষম হয় । যিটো ভাৰতীয় দলটোৰ বাবে অতি প্ৰয়োজন আছিল । ভাৰতৰ মুখ্য প্ৰশিক্ষক জোয়াৰ্ড মাৰিজনেও যথেষ্ট সুখী ভাৰতীয় দলটোৰ এই প্ৰদৰ্শনত । তেওঁৰ মতে ভাৰতে এই খেলখনত জয়ী হোৱাোট অতি দৰকাৰ আছিল সেইটো দলটোৱে কৰি দেখুৱালে ।

লগতে পঢ়ক :Tokyo Olympics: ভাৰতৰ পুৰুষ হকী দলে পৰাভূত কৰিলে জাপানক

ABOUT THE AUTHOR

...view details