অসম

assam

ETV Bharat / sports

বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানলৈ উন্নীত স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা - জেভলিন থ্ৰ’

বিশ্ব এথলেটিকছ(World Athletics)ৰ দ্বাৰা জাৰি কৰা শেহতীয়া তথ্য অনুসৰি, 1396 নম্বৰ লাভ কৰা জাৰ্মান এথলীট জোহানেছ ভেটাৰ(Johannes Vetter)ৰ পাচতে দ্বিতীয় স্থানত আছে টকিঅ’ অলিম্পিক(Tokyo Olympics 2020)ত স্বৰ্ণ পদক বিজয়ী ভাৰতীয় জেভলিন থ্ৰ’ খেলুৱৈ নীৰজ চোপ্ৰা(Neeraj Chopra) ।

Neeraj Chopra rises to number 2 in world rankings
বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানত নীৰজ চোপ্ৰা

By

Published : Aug 12, 2021, 4:30 PM IST

স্প’ৰ্টছ ডেস্ক, 12 আগষ্ট :টকিঅ’ অলিম্পিক(Tokyo Olympics 2020)ত স্বৰ্ণ পদক বিজয়ী ভাৰতীয় জেভলিন থ্ৰ’ খেলুৱৈ নীৰজ চোপ্ৰা(Neeraj Chopra)ই শেহতীয়াকৈ বিশ্ব ৰেংকিঙ(World Rankings)ত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

7 আগষ্টত ইতিহাস ৰচনা কৰি অলিম্পিকত ট্ৰেক এণ্ড ফিল্ডত স্বৰ্ণ জয় কৰা দেশৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে অভিলেখ গঢ়ে খেলুৱৈগৰাকীয়ে । টকিঅ’ অলিম্পিকত জেভলিনডাল 87.58 মিটাৰ দূৰত্বলৈ দলিয়াই দি এই সফলতা লাভ কৰে নীৰজ চোপ্ৰাই ৷ বিশ্ব এথলেটিকছ(World Athletics)ৰ দ্বাৰা জাৰি কৰা শেহতীয়া তথ্য অনুসৰি, 1396 নম্বৰ লাভ কৰা জাৰ্মান এথলীট জোহানেছ ভেটাৰ(Johannes Vetter)ৰ প্ৰথম স্থানত আৰু তাৰ পাচতে দ্বিতীয় স্থান দখল কৰিছে 23 বছৰীয়া নীৰজ চোপ্ৰাই ৷

টকিঅ’ অলিম্পিকত স্বৰ্ণ লাভ কৰি তেওঁ পুৰুষৰ জেভলিন থ্ৰ’ত 1315 স্ক’ৰ লাভ কৰে ৷ আনহাতে চোপ্ৰাৰ অলিম্পিকত দেখুওৱা প্ৰদৰ্শন এথলেটিকছৰ ট্ৰেক এণ্ড ফিল্ডত 10 টা বিশেষ মূহুৰ্তৰ ভিতৰত তালিকাভুক্ত হয় ৷ ইফালে পূৰ্বে নীৰজ চোপ্ৰাৰ ইনষ্টাগ্ৰামত 1,43,000 গৰাকী অনুৰাগী আছিল যদিও অভিলেখ গঢ়াৰ পাচতে অনুৰাগীৰ সংখ্যা 3.2 মিলিয়নলৈ বৃদ্ধি হয় ৷

লগতে পঢ়ক :২০০৮ চনৰ আজিৰ দিনটোতে অলিম্পিকত এককভাৱে স্বৰ্ণ জয় কৰিছিল অভিনৱ বিন্দ্ৰাই

ABOUT THE AUTHOR

...view details