স্প’ৰ্টছ ডেস্ক, ২৬ জুলাই: শনিবাৰে টকিঅ' অলিম্পিক(Tokyo Olympics)ৰ ভাৰোত্তোলন প্ৰতিযোগিতাত মুঠ ২১০ কিল’গ্ৰামৰ ভাৰ উত্তোলন কৰি এক নতুন অভিলেখ ৰচি স্বৰ্ণ পদক অৰ্জন কৰিছিল চীনৰ ঝিহুই হৌ(Zhihui Hou)ৱে । কিন্তু স্বৰ্ণ পদক বিজয়ৰ আনন্দৰ মাজতে চৰ্চালৈ আহিছে খেলুৱৈগৰাকী । এক বিশেষ সূত্ৰই জানিবলৈ দিয়া মতে, চীনৰ ঝিহুই হৌ(Zhihui Hou) ড'পিং টেষ্টৰ সন্মুখীন হ'ব লাগিব । ড'পিং বিৰোধী কৰ্তৃপক্ষই কৰা পৰীক্ষাত উত্থাপিত অভিযোগ সত্য প্ৰমাণিত হ’লে একেখন প্ৰতিযোগিতাতে ৰূপৰ পদক বিজয়ী ভাৰতৰ মীৰাবাই চানুক প্ৰদান কৰা হ'ব সোণৰ পদক ।
প্ৰতিযোগিতাৰ নিয়ম অনুসৰি, যদি কোনো খেলুৱৈ ড'পিং পৰীক্ষাত দোষী হিচাপে প্ৰমাণিত হয়, তেন্তে ৰূপৰ পদক জয় কৰা খেলুৱৈগৰাকীক সোণৰ পদকটো প্ৰদান কৰা হয় । সূত্ৰটোৱে জনোৱা মতে, ঝিহুই হৌক এতিয়াও টকিঅ'ত থাকিবলৈ কোৱা হৈছে । শীঘ্ৰেই তেওঁৰ ড'পিং টেষ্ট সম্পন্ন হ'ব । উল্লেখ্য যে, টকিঅ'ৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত মহিলাৰ ৪৯ কিল’গ্ৰাম শাখাত মীৰাবাই চানুৱে ৰূপৰ পদক অৰ্জন কৰি ভাৰতবাসীক গৌৰৱান্বিত কৰিছিল ।