স্পৰ্টছ ডেস্ক, ৩ ছেপ্টেম্বৰ: শুকুৰবাৰে টকিঅ' পেৰা অলিম্পিক (Tokyo Paralympics)ৰ পুৰুষৰ হাই জাম্পৰ টি৬৪ শাখা(High Jump T64)ত ৰূপৰ পদক অৰ্জন কৰিলে ভাৰতৰ প্ৰবীণ কুমাৰে(Praveen Kumar) । ২.০৭ মিটাৰ উচ্চতাত জপিয়াই এছিয়াৰ ভিতৰতে অভিলেখ সৃষ্টি কৰে খেলুৱৈগৰাকীয়ে । প্ৰবীণ কুমাৰ আৰু পোলেণ্ডৰ মেকিয়েজ লেপিয়াটোৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল ।
মেকিয়েজ লেপিয়াটোৱে ২.০৪ উচ্চতাত জপিয়াইছিল । অৱশেষত ২.১০ উচ্চতাত জাপ মাৰি স্বৰ্ণ পদক জয় কৰে গ্ৰেট ব্ৰিটেইনৰ জনাথন ব্ৰুমে । আনহাতে, পদক লাভৰ পিছতে প্ৰবীণ কুমাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে শুভেচ্ছা জনাইছে ।