স্পৰ্টচ ডেস্ক, 27 জুলাই :অলিম্পিকৰ (Tokyo Olympic 2020) অভিষেক মেছত জয়লাভ লাভলীনা বৰগোহাঁই (Lovlina Borgohain)ৰ ৷ মঙলবাৰে মহিলাৰ 69 কি:গ্ৰা: শাখাৰ ৰাউণ্ড 16 ৰ মেছখনত জাৰ্মান বক্সাৰ নাদিনে আপেটজক পৰাজিত কৰে দুবাৰকৈ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ মেডেল প্ৰাপ্ত লাভলীনাই ৷
উল্লেখ্য যে, চলিত অলিম্পিকত ভাৰতীয় বক্সাৰ সকলে এতিয়ালৈকে আশাব্যঞ্জক ফলাফল দাঙি ধৰিব পৰা নাই । একমাত্ৰ বিজয়ী ভাৰতীয় মেৰী কমক বাদ দি বিকাশ কৃষ্ণ, মনীষ কৌশিক আৰু আশিস কুমাৰ আদি খেলুৱৈ সকলে ইতিমধ্য বিফলতাৰ মুখ দেখিছে ৷ লাভলীনাৰ এই বিজয়ে উৎসাহিত কৰি তুলিছে সকলোকে ৷