অসম

assam

ETV Bharat / sports

Paralympic Games: টকিঅ'ত উপস্থিত ভাৰতৰ শ্বুটাৰ, আৰ্চাৰৰ দল - অৰ্হতা টুৰ্ণামেণ্ট

মঙলবাৰৰ পৰা আৰম্ভ হ'ব টকিঅ' পেৰা অলিম্পিক গেমছ (Tokyo Paralympic Games) । পুৱাই টকিঅ'(Tokyo)ত উপস্থিত হ'ল ভাৰতৰ শ্বুটাৰ, আৰ্চাৰ, সাঁতোৰবিদৰ এটা দল । পদক জয়ৰ লক্ষ্যৰে ভাৰতৰ মুঠ ৫৪ জন খেলুৱৈয়ে ৯ বিধ ক্ৰীড়াৰ বিভিন্ন শাখাত প্ৰতিদ্বন্দিতা কৰিব ।

Indian shooters, archers arrive in Tokyo for Paralympic Games
টকিঅ'ত উপস্থিত ভাৰতৰ শ্বুটাৰ, আৰ্চাৰ

By

Published : Aug 24, 2021, 1:45 PM IST

স্পৰ্টছ ডেস্ক, ২৪ আগষ্ট: পেৰা অলিম্পিক গেমছ (Paralympic Games)ত অংশগ্ৰহণৰ উদ্দেশ্যেৰে মঙলবাৰে পুৱাই টকিঅ'(Tokyo)ত উপস্থিত হ'ল ভাৰতীয় খেলুৱৈৰ এটা দল । খেলুৱৈ আৰু বিষয়াসহ ভাৰতীয় দলৰ মুঠ ২৮ জন সদস্য সোমবাৰে টকিঅ' অভিমুখে ৰাওনা হৈছিল । টকিঅ'ত উপস্থিত হোৱাৰ পিছত, ভাৰতীয় দলৰ সদস্যসকলে আনন্দ প্ৰকাশ কৰে আৰু পেৰা অলিম্পিকত অংশগ্ৰহণক লৈ উৎসাহিত হৈ থকাৰ কথা প্ৰকাশ কৰে ।

এছ এ আই মিডিয়াই টুইটযোগে জনাইছে যে, শ্বুটাৰ, আৰ্চাৰ, সাঁতোৰবিদ আৰু জেভেলিন থ্ৰোৱাৰসহ ভাৰতৰ ১৭ গৰাকী খেলুৱৈৰ এটা দল সুৰক্ষিতভাৱে টকিঅ' বিমানবন্দৰ(Tokyo Airport)ত উপস্থিত হৈছে । মঙলবাৰৰ পৰা ৫ ছেপ্টেম্বৰলৈ টকিঅ’ত পেৰা অলিম্পিক গেমছ অনুষ্ঠিত হ'ব । শ্বুটিঙৰ দলটোত আছে ১০ জন শ্বুটাৰসহ মুঠ ১৭ জন সদস্য ।

ভাৰতৰ পৰা এতিয়ালৈকে পেৰা অলিম্পিক গেমছলৈ প্ৰেৰণ কৰা এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ শ্বুটিং(Shooting) দল । মণীষ নৰৱাল, দীপেন্দৰ সিং, সিংৰাজ, স্বৰূপ মহাবীৰ উনহলকাৰ, দীপক চাইনী, সিদ্ধাৰ্থ বাবু, আকাশ, ৰাহুল ঝাকৰ, ৰুবিনা ফ্ৰেন্সিছ, আৰু অৱনী লেখাৰাই পেৰা অলিম্পিকৰ শ্বুটিং প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল আৰু এতিয়া ভাৰতৰ হৈ প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছে ।

মণীষ নাৰৱাল, ৰুবিনা ফ্ৰেন্সিছ আৰু ৰাহুল ঝাকৰে কেৱল যোগ্যতা অৰ্জন কৰাই নহয়, অৰ্হতা টুৰ্ণামেণ্টৰ সময়ত বিশ্ব অভিলেখ গঢ়িছে । অৱনী লেখাৰায়ো চাৰিটা হুইলচেয়াৰ ৰাইফল ইভেণ্টৰ বাবে যোগ্যতা অৰ্জন কৰিছে । সিংৰাজে শেহতীয়াকৈ পেৰু আৰু ডুবাইত অনুষ্ঠিত বিশ্বকাপৰ সময়ত উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ।

আনহাতে, ৰাহুল ঝাকৰ, দীপেন্দৰ সিং, সিদ্ধাৰ্থ বাবু, স্বৰূপ উনহলকাৰ আৰু আকাশে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুৰ্দান্ত প্ৰদৰ্শনেৰে চমক সৃষ্টি কৰিছে । উল্লেখ্য যে, ভাৰতৰ পৰা ৫৪ জন খেলুৱৈয়ে আৰ্চাৰী, এথলেটিকছ(ট্ৰেক এণ্ড ফিল্ড), বেডমিণ্টন, সাঁতোৰ, শ্বুটিং আৰু ভাৰোত্তোলনকে ধৰি ৯ বিধ ক্ৰীড়াৰ বিভিন্ন শাখাত অংশগ্ৰহণ কৰিব ।

আনহাতে, টকিঅ' পেৰা অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া পাঁচজন ভাৰতীয় খেলুৱৈৰ ভিতৰত ডিচকাছ থ্ৰ'ৱাৰ বিনোদ কুমাৰ আৰু জেভলিন থ্ৰ'ৱাৰ টেক চান্দো আছে । ২০১৬ৰ ৰিঅ' অলিম্পিকত স্বৰ্ণ পদক বিজয়ী থাংগাভেলু মাৰিয়াপ্পানে(Thangavelu Mariyappan) উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা বাহক হিচাপে অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক:পেৰা অলিম্পিকত ভাৰতে লাভ কৰিব অতি কমেও ১৫ টা পদক..!

ABOUT THE AUTHOR

...view details