স্পৰ্টছ ডেস্ক, ১৮ আগষ্ট: শেহতীয়াকৈ অন্ত পৰা টকিঅ' অলিম্পিকত ৭ টাকৈ পদক লাভ কৰি ভাৰতীয় খেলুৱৈসকলে দেশক গৌৰৱান্বিত কৰাৰ পাছত এতিয়া ভাৰতৰ আন একাংশ খেলুৱৈয়ে পেৰা অলিম্পিকত পদক জয়ৰ আশা মনত লৈ টকিঅ'ত উপস্থিত হৈছে । ভাৰতৰ মুঠ ৫৪ গৰাকী খেলুৱৈয়ে পেৰা অলিম্পিকত অংশগ্ৰহণ কৰিব । বুধবাৰে টকিঅ'ত উপস্থিত হৈছে ভাৰতীয় খেলুৱৈৰ প্ৰথম দলটো । ৯ বিধ খেলৰ বিভিন্ন শাখাত দেশৰ হৈ প্ৰতিদ্বন্দিতা কৰিব এই খেলুৱৈসকলে ।
পেৰা অলিম্পিক গেমছত অংশ লোৱা ভাৰতীয় দলসমূহৰ ভিতৰত এইটো দলেই ভাৰতৰ আটাইতকৈ ডাঙৰ দল । ভাৰতীয় খেলুৱৈৰ প্ৰথম দলটোৱে বুধবাৰে পুৱাই দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা টকিঅ'লৈ উৰা মাৰিছিল । টকিঅ' ৰাওনা হোৱাৰ পূৰ্বে, টেক চান্দ(Tek Chand) নামৰ এজন জেভলিন থ্ৰোৱাৰে কয় যে, তেওঁ পদক জয় কৰিবলৈ সাধ্য অনুসাৰে চেষ্টা কৰিব । এই ক্ষেত্ৰত বহু বাধাৰ সন্মুখীন হৈছিল যদিও এতিয়া দেশৰ হৈ খেলিবলৈ পাই আনন্দ প্ৰকাশ কৰিছে ।
আনহাতে, ভাৰতীয় পেৰা অলিম্পিক কমিটীৰ সভাপতি দীপা মালিকে কয় যে, ভাৰতীয় দলটোত যথেষ্ট সংখ্যক খেলুৱৈ আছে । তেওঁ লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে সকলো খেলুৱৈকে শুভকামনা জনাইছে ।