স্পৰ্টছ ডেস্ক, ৩১ জুলাই: দুৰ্দান্ত প্ৰদৰ্শনেৰে টকিঅ' অলিম্পিকৰ (Tokyo Olympics) কেইবাটাও খেলত চমক দেখুৱাবলৈ সক্ষম হৈছে ভাৰতীয় খেলুৱৈয়ে । ডিচকাছ থ্ৰ'ৰ চূড়ান্ত প্ৰতিযোগিতাত নিজৰ স্থান নিশ্চিত কৰিলে ভাৰতীয় খেলুৱৈ কমলপ্ৰীত কৌৰে (Kamalpreet Kaur)। ৬০.২৯, ৬৩.৯৭, ৬৪.০০ পইণ্টেৰে 'গ্ৰুপ B'ত দ্বিতীয় স্থানত থাকে খেলুৱৈগৰাকী । আনহাতে, 'গ্ৰুপ A'ৰ ষষ্ঠ স্থানত থাকে ভাৰতৰ সীমা পুণিয়া (Seema Punia)।
তেওঁৰ প্ৰথম প্ৰচেষ্টাক গ্ৰহণযোগ্য নহয় বুলি ঘোষণা কৰা হয় । দ্বিতীয় প্ৰচেষ্টাত ৬০.৫৭ মিটাৰ আৰু তৃতীয় প্ৰচেষ্টাত ৫৮.৯৩ মিটাৰ দূৰত্বতে থমকি ৰ'বলগীয়া হয় খেলুৱৈগৰাকী । খেলৰ নিয়ম অনুসৰি, খেলুৱৈসকলে ফাইনেল কেলৰ বাবে পোনপটীয়াকৈ যোগ্যতা অৰ্জনৰ বাবে ৬৪ মিটাৰ দূৰত্বত ডিচকাছ থ্ৰ' কৰিব লাগিব ।