স্পৰ্টছ ডেস্ক, 30 জুলাই :টকিঅ’ অলিম্পিকৰ (Tokyo Olympics 2020) কোৱাৰ্টাৰ ফাইনেলত কোৰিয়াৰ আন ছানৰ (An San) হাতত 0-6ৰ ব্যৱধানত পৰাজিত হয় ভাৰতীয় মহিলা ধনুৰ্বিদ (Archer) দিপীকা কুমাৰী (Deepika Kumari) ৷ ইতিমধ্যেই টকিঅ’ অলিম্পিকৰ Women’s team আৰু Mixed Team Eventত জয়লাভ কৰিছে 20 বছৰীয়া ধনুৰ্বিদ আন ছান (An San) ৷ শুকুৰবাৰৰ খেলখনত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগনবঢ়োৱা সত্বেও অতি সহজে ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হ’ল কোৰিয়ান ধনুৰ্বিদগৰাকীয়ে ৷
এই পৰাজয় দিপীকাৰ বাবে আবেগিক আছিল ৷ ফলাফল ঘোষণাৰ অন্তত দিপীকাক যথেষ্ট আবেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছিল ৷ দিপীকাই 7ৰে আৰম্ভ কৰে যদিও ইয়াৰ পৰা তেওঁৰ উভতি অহাৰ কোনো ৰাস্তা নাথাকে কাৰণ আন ছানে ছেট 30ৰ সৈতে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়ায় ৷ দ্বিতীয় ছেটে দিপীকাক আৰু অধিক হতাশ কৰে ৷ কাৰণ 10ৰে আৰম্ভ কৰাৰ পিছত ইয়াক ছীল (seal) কৰিবলৈ তেওঁৰ হাতত সুবিধা আছিল যদিও তেওঁ 7 টাৰ 2টা ধনুকাৰ মাৰি পঠিয়ায় কিন্তু প্ৰত্যকটোতে 24-26ত পৰাজয়বৰণ কৰে ৷
আন ছানে তৃতীয় তথা অন্তিমটো খেল 8, 9, 9 কাৰেৰে আৰম্ভ কৰে ৷ যুৱ কোৰিয়ান খেলুৱৈগৰাকীয়ে দ্বিতীয় গিয়াৰৰ (2nd gear) পৰা বাহিৰ নহৈ তেওঁ ভাৰতীয় ধনুৰ্বিদগৰাকীৰ বিপৰীতে জয়লাভ কৰে ৷
ইয়াৰ পূৰ্বে দিপীকাই ৰিঅ’ অলিম্পিকৰ (Rio Olympics 2016) ৰাউণ্ড 16ত ৰূপৰ পদকপ্ৰাপ্ত জেনিয়া পেৰোভাক পৰাজিত কৰিবলৈ সক্ষম হৈছিল ৷ দিপীকাৰ স্বামী অতনু দাসে (Atanu Das) কোৰিয়ান ধনুৰ্বিদ ওহ জিন হায়েকক (Oh Jin-hyek)পৰাস্ত কৰি পৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান দখল কৰাৰ পিছত আজিৰ খেলখন দিপীকাৰ বাবে পৰীক্ষা স্বৰূপ আছিল ৷ 2010 চনৰ কমনৱেল্থ গেমছত মহিলাৰ একক শাখাত স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছিল দিপীকাই ৷