নিউজ ডেস্ক, 24 জুলাই : টকিঅ' অলিম্পিকত (Tokyo Olympics) পদক বুটলাৰ স্বপ্ন ভংগ হ'ল 29 বছৰীয়া ভাৰতীয় বক্সাৰ বিকাশ কৃষ্ণৰ ৷ শনিবাৰে অনুষ্ঠিত হোৱা 69 কিলোগ্ৰাম শাখাৰ 32 সংখ্যক মেচত জাপানৰ বক্সাৰ মেনচাহ অকাজাৱাৰ হাতত পৰাস্ত হয় বক্সাৰ গৰাকী ৷ জাপানৰ বক্সাৰ গৰাকীৰ হাতত 5-0 পইন্টত পৰাস্ত হয় ভাৰতৰ অন্যতম অভিজ্ঞ বক্সাৰ বিকাশ কৃষ্ণ ৷
টকিঅ' অলিম্পিকত বিমুখ হ'ল ভাৰতীয় বক্সাৰ বিকাশ কৃষ্ণ - অলিম্পিকৰ বাতৰি
জাপানৰ বক্সাৰ মেনচাহ অকাজাৱাৰ হাতত পৰাস্ত হ'ল ভাৰতীয় বক্সাৰ গৰাকী ৷ জাপানৰ বক্সাৰ গৰাকীৰ হাতত 5-0 পইন্টত পৰাস্ত বিকাশ কৃষ্ণ ৷
![টকিঅ' অলিম্পিকত বিমুখ হ'ল ভাৰতীয় বক্সাৰ বিকাশ কৃষ্ণ boxer-vikash-krishan-loses-to-japans-sewonrets-okazawa-in-round-of-32-fight](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12560414-thumbnail-3x2-p1.jpg)
টকিঅ' অলিম্পিকত বিমুখ হ'ল ভাৰতীয় বক্সাৰ বিকাশ কৃষ্ণ
উল্লেখ্য যে, মেচৰ প্ৰথম ৰাউণ্ডত আটাইকেইগৰাকী (5) বিচাৰকে জাপানৰ বক্সাৰগৰাকীক 10 পইন্ট প্ৰদান কৰাৰ বিপৰীতে ভাৰতীয় বক্সাৰ বিকাশ কৃষ্ণক প্ৰদান কৰে 9 পইন্ট ৷ যাৰ বাবে পিছ পৰিছিল ভাৰতীয় বক্সাৰগৰাকী ৷ একেদৰে দ্বিতীয় আৰু তৃতীয় ৰাউণ্ডটো ধাৰাবাহিকভাৱে পৰাস্ত হৈছিল বিকাশ কৃষ্ণ ৷ ফলস্বৰূপে টকিঅ' অলিম্পিকৰ (Tokyo Olympics) পৰা বাহিৰ হ'ব লগীয়া হয় ভাৰতীয় বক্সাৰগৰাকী ৷