স্প’ৰ্টছ ডেস্ক, ৩১ জুলাই: শনিবাৰে Tokyo Olympics ত বক্সিঙৰ ৭৫ কিল’গ্ৰাম শাখাত পৰাজয় বৰণ কৰিলে ভাৰতীয় বক্সাৰ পূজা ৰাণী(Pooja Rani)য়ে । চীনা বক্সাৰ লি কিয়ানে(Li Qian) ৫-০ পইণ্টত ভাৰতীয় বক্সাৰগৰাকীক পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে । ৰিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লি কিয়ানে প্ৰথম ৰাউণ্ডত বিজয়ী হৈ প্ৰতিযোগিতাখনত সুন্দৰ আৰম্ভণি ঘটায় ।
পাঁচগৰাকী বিচাৰকে কিয়ানক ১০ পইণ্ট দিয়াৰ বিপৰীতে পূজাই ৯ পইণ্ট লাভ কৰিবলৈ সক্ষম হয় । প্ৰথম ৰাউণ্ডত পূজা ৰাণীয়ে এটাও পইণ্ট লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । দ্বিতীয় ৰাউণ্ডতো লি কিয়ানে পূজাক পইণ্ট লাভৰ সুযোগ দিয়া নাছিল । অন্তিম ৰাউণ্ডত হ'লেও ভাৰতীয় বক্সাৰগৰাকীৰ পৰা ভাল প্ৰদৰ্শন আশা কৰা হৈছিল যদিও সেয়া হৈ নুঠিল ।