স্পৰ্টছ ডেস্ক, ১২ অক্টোবৰ: দেওবাৰে চূড়ান্ত খেলত ন'ভাক জক'ভিছক পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰা ৰাফেল নাডালক অভিনন্দন জনালে ৰ'জাৰ ফেডেৰাৰে । বহুকেইখন একক টেনিছ চেম্পিয়নশ্বিপত ফেডেৰাৰৰ সম পৰ্যায়ৰ খেল প্ৰদৰ্শন কৰিছে আৰু ৰ'নাল্ড গেৰ'ছ ষ্টেডিয়ামৰ ৰঙা মাটিত নিজৰ অভিলেখৰ লগত নতুন অধ্যায় সংযোজন কৰে । 6-0, 6-2, 7-5 পইণ্টৰ পোনপটীয়া জয়েৰে বিশ্বৰ অন্যতম খেলুৱৈ ন'ভাক জক'বিছক পৰাস্ত কৰে নাডালে ।
টুইটযোগে ৰাফেল নাডালক অভিনন্দন জ্ঞাপন কৰি ফেডেৰাৰে কয় যে, 'এজন মানুহ হিচাপে আৰু এজন সুদক্ষ খেলুৱৈ হিচাপে মোৰ মনত বন্ধু ৰাফেলক মই সদায় সন্মান কৰি আহিছো । এয়া বিশেষভাৱে আচৰিতজনক যে, তেওঁ ৰ'নাল্ড গেৰ'ছত 13 বাৰৰ বাবে বিজয়ী হৈছে । মই তেওঁৰ দলক শুভেচ্ছা জনাইছো, কিয়নো কোনেও অকলে এনে সফলতা অৰ্জন কৰিব নোৱাৰে । এই যাত্ৰাৰ মাজত 20টো সংখ্যাহে মাথোঁ আৰু এই যাত্ৰা আগুৱাই নিব লাগিব । তুমি খুব ভাল কৰিলা ৰাফেল নাডাল । তুমি এই খিতাপৰ যোগ্য ।' নাডালৰ জ'ক'বিছৰ বিৰুদ্ধে এয়া 27সংখ্যক জয় ।