অসম

assam

ETV Bharat / sports

বন্ধ দুৱাৰৰ মাজত অনুষ্ঠিত হ'ব ইউএছ অ'পেন : নিউয়ৰ্ক গভৰ্ণৰ - এণ্ড্ৰিও কুওমো

আমেৰিকা যুক্তৰাষ্ট্ৰ টেনিছ সংস্থাই গ্ৰহণ কৰিব খেলুৱৈৰ সুৰক্ষাৰ যাৱতীয় ব্যৱস্থা । এই কথা উল্লেখ কৰিছে এণ্ড্ৰিও কুওমোয়ে ।

US Open to be played behind closed doors, announces New York Governor
US Open to be played behind closed doors, announces New York Governor

By

Published : Jun 17, 2020, 3:31 PM IST

স্পৰ্টছ ডেস্ক, 17 জুনঃ টেনিছ ক্ৰীড়াজগতৰ বাবে ডাঙৰ খবৰ । বন্ধ দুৱাৰৰ মাজত অনুষ্ঠিত কৰা হ'ব ইউএছ অ'পেন টেনিছ প্ৰতিযোগিতা । নিউয়ৰ্ক গভৰ্ণৰ এণ্ড্ৰিও কুওমোয়ে ঘোষণা কৰিছে এই কথা । অহা 31 আগষ্টৰ পৰা 13 চেপ্তেম্বৰলৈ অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা ।

কুওমোয়ে লগতে জনায়,আমেৰিকা যুক্তৰাষ্ট্ৰ টেনিছ সংস্থাৰ (USTA) দ্বাৰা গ্ৰহণ কৰা হ'ব খেলুৱৈৰ সুৰক্ষাৰ সকলো যাৱতীয় ব্যৱস্থা । লগতে প্ৰতিযোগিতা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে সকলোৰে বলিষ্ঠ ভাৱে পৰীক্ষা কৰা হ'ব বুলিও জানিবলৈ দিয়ে । কুওমোয়ে টুইট যোগে নিউয়ৰ্কৰ কুইনত ইউএছ অ'পেনৰ আয়োজনৰ কথা উল্লেখ কৰি খেলুৱৈ, ষ্টাফ, শক্ত পৰীক্ষা, স্বচ্ছতা, অতিৰিক্ত লকাৰ, ৰূমৰ আহল-বহল, উৎসর্গীকৃত আৱাস আৰু পৰিবহন ব্যৱস্থাৰ কথা উল্লেখ কৰে ।

উল্লেখ্য় যে, বহু টেনিছ তাৰকাই ইউএছ অ'পেনৰ সৈতে আগবাঢ়ি যোৱাৰ কথা প্ৰকাশ কৰাৰ পাচতেই টুৰ্ণামেণ্টৰ আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই সন্দৰ্ভত অষ্ট্ৰেলিয়াৰ টেনিছ খেলুৱৈ নিক কিৰজিঅ'ছে কৈছে কৰ'ণা ভাইৰাছৰ মহামাৰীৰ বৰ্তমানৰ পৰিস্থিতি বিবেচনা কৰি ইউএছ অ'পেনৰ সৈতে আগবাঢ়ি যোৱা সিদ্ধান্ত গ্ৰহণ কৰাটো এটা স্বাৰ্থপৰ পদক্ষেপ ।

অৱশ্যে চৰকাৰৰ মঞ্জুৰী অবিহনে USTA য়ে টুৰ্ণামেণ্ট আয়োজন আগবঢ়াবলৈ সক্ষম নহ'ল হয় । আনকি বাতিল সন্দৰ্ভত বীমা নথকাৰ ফলত ইএছপিএন আৰু অন্যান্য বিশ্বৰ অংশীদাৰৰ পৰা $120 মিলিয়নৰ অধিক টিভি প্ৰাপ্তিসমূহ সুৰক্ষিত কৰা হ'ল হয় ।

কিন্তু আচৰিত ভাৱে কুওমোৰ ঘোষণাৰ পাচতেই USTA ৰ মুখ্য কাৰ্যবাহী বিষয়া মাইক ডউসে তাৎক্ষণিক ভাৱে জনায় যে, আমি অবিশ্বাস্য়ভাৱে উৎসাহিত যে, গভৰ্নৰ কুওমো আৰু নিউয়ৰ্ক চৰকাৰে 2020 ইউএছ অ'পেন আৰু ৱেষ্টাৰ্ন এণ্ড চাউথাৰ্ন অ'পেন বিল্লি জিন কিং নেশ্য়নেল টেনিছ চেণ্টাৰত আয়োজনৰ অনুমোদন প্ৰদান কৰিছে ।

লগতে পঢ়কঃ গলৱানত ভাৰত-চীনৰ সংঘৰ্ষঃ উত্তৰাখণ্ড চীন সীমান্তত তৎপৰতা সেনাৰ

ABOUT THE AUTHOR

...view details