অসম

assam

By

Published : Sep 15, 2020, 7:53 PM IST

ETV Bharat / sports

WTA ৰেংকিঙৰ তৃতীয় স্থানলৈ উন্নীত নাওমি অছাকা

আজাৰেংকাৰ বিৰুদ্ধে 1-6, 6-3, 6-3 ছেটত জয়ী অছাকা ৷

নাওমি অছাকা
WTA ৰেংকিঙৰ তৃতীয় স্থানলৈ উন্নীত নাওমি অছাকা

স্পৰ্টছ ডেস্ক, 15 ছেপ্তেম্বৰ :ইউ এছ অপেন 2020 ৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে নাওমি অছাকাই ৷ কেৰিয়াৰৰ তৃতীয়টো গ্ৰেণ্ডশ্লাম দখল কৰা অছাকা উন্নীত হৈছে WTA ৰেংকিঙতো ৷ 22 বৰ্ষীয় টেনিছ তাৰকাগৰাকীয়ে ফাইনেলত ভিক্টৰিয়া আজাৰেংকাক পৰাস্ত কৰি WTA ৰেংকিঙত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ এই জয়েৰে তেওঁ পূৰ্বৰ ৰেংকিঙৰ পৰা 6 টাকৈ স্থান উন্নীত হয় ৷

নাওমি অছাকা

আজাৰেংকাৰ বিৰুদ্ধে অছাকাই 1-6, 6-3, 6-3 ছেটত জয় সাব্যস্ত কৰে ৷ অছাকাই প্ৰথমটো ছেটত আজাৰেংকাৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ৷ কিন্তু 1 ঘন্টা 53 মিনিটৰ যুঁজত বাকী দুটা ছেট দখল কৰিবলৈ সক্ষম হয় অছাকাই ৷

WTA ৰেংকিঙৰ তৃতীয় স্থানলৈ উন্নীত নাওমি অছাকা

তিনিটাকৈ গ্ৰেণ্ডশ্লাম দখল কৰি অছাকাই অঞ্জেলিক কাৰ্বাৰৰ সৈতে সৰ্বাধিক গ্ৰেণ্ড শ্লাম দখল কৰা মহিলা টেনিছ তাৰকাৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে ৷ ইয়াৰ ফলত অছাকা বৰ্তমান ছেৰেনা উইলিয়ামছ, ভেনাছ উইলিয়ামছ আৰু কিম ক্লিজষ্টাৰ্ছৰ পাচতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷

নাওমি অছাকা

আনহাতে, আজাৰেংকাইও 13 টাকৈ স্থান উন্নীত হৈ 14 সংখ্যক স্থান দখল কৰিছে ৷

লগতে পঢ়ক :ইউ এছ অ’পেনৰ চেম্পিয়ন নাওমী অ’ছাকা

ABOUT THE AUTHOR

...view details