স্পোৰ্টছ ডেস্ক, 16 জুলাই :অল ইণ্ডিয়া টেনিছ এছ'চিয়েশ্যনৰ (All India Tennis Association) মহাসচিব অনিল ধুপাৰে নিশ্চিত কৰিছে যে, ভাৰতীয় টেনিছ তাৰকা সুমিত নাগাল(Sumit Nagal)এ টকিঅ’ অলিম্পিক(Tokyo Olympic)ত অংশগ্ৰহণ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে । কেইবাগৰাকীও খেলুৱৈৰ অলিম্পিক যাত্ৰা বাতিল হোৱাত তেওঁৰ বাবে এই দ্বাৰ মুকলি হৈছে বুলি এআইটিএ(AITA)ৰ মহাসচিবগৰাকীয়ে মন্তব্য কৰে ৷ তেওঁ লগতে কয় যে, নাগালৰ বাবে অলিম্পিক যাত্ৰাৰ পথ প্ৰশস্ত হৈছে ৷
অৱশ্যে, এতিয়াও বহু দিশৰ ওপৰত ধ্যান দিবলগীয়া হোৱাৰ বাবে তেওঁ টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিব নে নাই সেই কথা নিশ্চিত হোৱা নাই ৷ অংশগ্ৰহণ কৰিবলৈ যোগ্য বিবেচিত হোৱা কেইবাগৰাকীও খেলুৱৈৰ অলিম্পিক যাত্ৰা বাতিল হোৱাত সুমিত নাগালক এই সুবিধা অৰ্পণ কৰা হৈছে ৷ কিন্তু, গোটেই প্ৰক্ৰিয়াটো যথেষ্ট কম সময়ৰ ভিতৰত চলিবলগীয়া হোৱাৰ বাবে এআইটিএয়ে খেলুৱৈ গৰাকী এই যাত্ৰাৰ বাবে সাজু হয় নে নহয় নিশ্চিত কৰিব লাগিব বুলি মন্তব্য কৰে মহাসচিব গৰাকীয়ে ৷
এই সম্পৰ্কত সুমিতৰ সৈতে কৰ্তৃপক্ষৰ আলোচনা আৰম্ভ হোৱাৰ কথাও অৱগত কৰে মহাসচিব গৰাকীয়ে ৷ যদিহে, সুনীলৰ তৰফৰ পৰা অনুৰূপ সহাৰি পোৱা যায় কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব সহকাৰে গঠন কৰিব বুলি জনায় অনিল ধুপাৰে ৷