স্প’ৰ্টছ ডেস্ক, 25 জুলাই :টকিঅ’ অলিম্পিকত সোমবাৰে ভাৰতীয় দলে প্ৰায় দহটা শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ দেওবাৰে ভাৰতীয় দলৰ প্ৰায় নিৰাশাজনক প্ৰদৰ্শনৰ পাচত সোমবাৰে খেলুৱৈসকলে ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে ৷
টকিঅ' অলিম্পিকত সোমবাৰে ভাৰতীয় দলে অংশগ্ৰহণ কৰিবলগীয়া কাৰ্যসূচীসমূহ তলত উল্লেখ কৰা ধৰণৰ-
ফেন্সিং (FENCING) - মহিলাৰ চাব্ৰে টেবুল (Women's Sabre Table) 64 ত শাখাত ভৱানী দেৱীৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব বেন আজিজী নাদী - পুৱা 5.30 বজাত
আৰ্চাৰী (ARCHERY) -পুৰুষৰ দলৰ ৰাউণ্ড 16 ত অতনু দাস, প্ৰবীণ যাদৱ, তৰুণদীপ ৰায় – পুৱা 6.00 বজাত
পুৰুষৰ দলৰ পদক ৰাউণ্ড – পুৱা 10.15 বজাত
বেডমিণ্টন (BADMINTON) - পুৰুষৰ ডাবল গ্ৰুপ প্লে’ – সাতৱিক্সাইৰাজ ৰাংকিৰেড্ডী (Satwiksairaj Rankireddy) আৰু চিৰাগ চেট্টী (Chirag Shetty) অৱৰ্তীণ হ’ব মাৰ্কাছ ফাৰ্নাল্ডি গিডিয়ন (Marcus Fernaldi Gideon)আৰু কেভিন সঞ্জয় চুকামুলজো (Kevin Sanjaya Sukamuljo)ৰ বিৰুদ্ধে – পুৱা 9.10 বজাত
টেনিছ (TENNIS)- সুমিত নাগাল বনাম দানিল মেদভেদেভ - পুৱা 10.30 বজাত
বক্সিং (BOXING)- মিডলৱেট – আশীষ কুমাৰ বনাম এৰ্বিকে টুহেটা – বিয়লি 3.06 বজাত