অসম

assam

ETV Bharat / sports

ইউৰোপিয়ান অ’পেনৰ খিতাপ দখল এণ্ডি মাৰেৰ

ইউৰোপিয়ান অ’পেনৰ চেম্পিয়ন হ’ল আমেৰিকাৰ খেলুৱৈ এণ্ডি মাৰে ৷ ৱাৱেৰিংকাক পৰাস্ত কৰি এই খিতাপ দখল মাৰেৰ ৷

By

Published : Oct 21, 2019, 5:21 PM IST

ইউৰোপিয়ান অ’পেনৰ খিতাপ দখল এণ্ডি মাৰেৰ

স্পৰ্টছ ডেস্ক, 21 অক্টোবৰ: দেওবাৰে চুইটজাৰেলেণ্ডৰ খেলুৱৈ ষ্টান ৱাৱেৰিংকাক পৰাস্ত কৰি ইউৰোপিয়ান অ’পেনৰ খিতাপ দখল আমেৰিকাৰ টেনিছ খেলুৱৈ এণ্ডি মাৰেৰ ৷ হিপ্ছৰ আঘাতৰ পিচতেই মাৰেৰে এইটো প্ৰথমটো এটিপি খিতাপ ৷

চেম্পিয়ন হ’ল আমেৰিকাৰ খেলুৱৈ এণ্ডি মাৰে

দুই ঘণ্টা 27 মিনিটলৈ চলা ফাইনেল মেচখনত 3-6, 6-4, 6-4 ছেটত ৱাৱেৰিংকাক পৰাস্ত কৰি জয় লাভ কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ৷ এই জয়ৰ পাচত মাৰেয়ে কয়,

মোৰ বাবে এইটো জয় বহু গুৰুত্বপূৰ্ণ ৷ মই যি পৰিস্থিতিত আছিলো,আশা কৰা নাছিলো খিতাপ জয় কৰিবলৈ সক্ষম হ’ম ৷ মই এই জয়ক লৈ যথেষ্ট সুখী ৷

ABOUT THE AUTHOR

...view details