অসম

assam

ETV Bharat / sports

দুৰ্নীতিৰ চেষ্টা চলোৱাৰ বিষয়ে অভিযোগ নিদিয়াৰ বাবেই নিলম্বিত টেনিছ আম্পায়াৰ

দুৰ্নীতিৰ চেষ্টা কৰা সন্দৰ্ভত অভিযোগ নকৰাই কাল হৈ পৰিল ভেনিজুৱেলাৰ এগৰাকী 40 বছৰীয়া টেনিছ আম্পায়ৰৰ বাবে । অৰ্মানণ্ডো বেলাৰ্ডি গঞ্জালেজ নামৰ টেনিছ আম্পায়াৰক বিহা হ'ল $ 5000 টকাৰ জৰিমনা লগতে নিলম্বনৰ শাস্তি । শুকুৰবাৰে এই কথা সদৰি কৰিছে টেনিছ ইণ্টেগ্ৰিটি ইউনিটে । অৱশ্যে লোকজনে যেতিয়ালৈ আকৌ এবাৰ দুৰ্নীতি দমন নীতি ভংগ নকৰে সেই পৰ্যন্ত এক হাজাৰ ডলাৰ জৰিমনা ভৰিলেই হ'ব বুলি জানিবলৈ দিয়ে ।

Tennis umpire suspended for not reporting corruption tries
Tennis umpire suspended for not reporting corruption tries

By

Published : Jun 20, 2020, 4:04 PM IST

স্পৰ্টছ ডেস্ক, 20 জুনঃ ইউএছ অ'পেন আৰু পেৰালিম্পিকছত কাৰ্য গ্ৰহণ কৰা এগৰাকী টেনিছ আম্পায়াৰক দুৰ্নীতিৰ চেষ্টা কৰাৰ ৰিপৰ্ট অথবা অভিযোগ উৰ্ধতম কৰ্তৃপক্ষক নিদিয়াৰ বাবেই আঢ়ৈ বছৰৰ বাবে কৰা হ'ল নিলম্বন । খেলৰ সময়ত স্ক'ৰ সাল-সলনি কৰাৰ অভিযোগৰ তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰাৰ বাবে এই শাস্তি বিহা হৈছে আম্পায়ৰজনক ।

শুকুৰবাৰে টেনিছ ইণ্টেগ্ৰিটি ইউনিটেয়ে সদৰি কৰিছে এই কথা । ভেনিজুৱেলাৰ 40 বছৰীয়া অৰ্মানণ্ডো বেলাৰ্ডি গঞ্জালেজ নামৰ টেনিছ আম্পায়াৰগৰাকীক নিলম্বনৰ লগতে $ 5000 টকাৰ জৰিমনাও বিহা হৈছে । অৱশ্য়ে লোকজনে যেতিয়ালৈ আকৌ এবাৰ দুৰ্নীতি দমন নীতিৰ আইন ভংগ নকৰে সেই পৰ্যন্ত এক হাজাৰ ডলাৰ জৰিমনা ভৰিলেই হ'ব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য় যে, বেলাৰ্ডি গঞ্জালেজ এজন 2013 চনৰ পৰাই ব্ৰঞ্জ বেজপ্ৰাপ্ত অধ্যক্ষ আম্পায়াৰ । তেওঁ 2017 আৰু 2018 ইউএছ অ'পেন আৰু 2016 চনত ৰিঅ' পেৰালিম্পিকছতো নিজৰ দায়িত্ব পালন কৰিছে ।

টেনিছ ইণ্টেগ্ৰিটি ইউনিটে কৈছে যে, 2018 ত বেলাৰ্ডিক দুবাৰকৈ আম্পায়াৰ ডিজিটেল প্ৰযুক্তিত প্ৰৱেশ কৰি মেচৰ স্ক'ৰ সাল-সলনি কৰি দুৰ্নীতি পৰিকল্পনাত জড়িত থাকিবলৈ যোগাযোগ কৰা হৈছিল ।

তেওঁক যি কৰিবলৈ কোৱা হৈছিল তেওঁ সেইয়া কৰা নাছিল বুলি উল্লেখ কৰে যদিও তেওঁ এই কাম কৰিব দিয়াৰ বিষয়ে প্ৰকাশ কৰা নাছিল । যিটো খেলৰ দুৰ্নীতি দমন আইনৰ পৰিপন্থী । যাৰ বাবে টেনিছ ইণ্টেগ্ৰিটি ইউনিটৰ প্ৰমাণৰ ভিত্তিতেই ৰিচাৰ্ড মেক্ লাৰেনে এই শুনানি গ্ৰহণ কৰি এই শাস্তি প্ৰদান কৰা হয় আম্পায়াৰগৰাকীক ।

লগতে চাওকঃ পেঙেৰীত বৃহৎ পৰিমাণৰ ফলা কাঠসহ এখন ট্ৰাক জব্দ

ABOUT THE AUTHOR

...view details