অসম

assam

ETV Bharat / sports

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ডেভিছ কাপত পৰাস্ত ভাৰত

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২-১ ব্যৱধানত পৰাস্ত ভাৰত । পুল ডীৰ তৃতীয় স্থান দখল ভাৰতৰ ৷

By

Published : Apr 11, 2019, 6:43 PM IST

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ডেভিছ কাপত পৰাস্ত ভাৰত

স্পৰ্টছ ডেস্ক, ১১ এপ্ৰিলঃ বেংককত অনুষ্ঠিত হোৱা জুনিয়ৰ ডেভিছ কাপত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়বৰণ ভাৰতৰ । ২-১ ৰে পৰাস্ত হৈ পুল ডীৰ তৃতীয় স্থান দখল ভাৰতীয় দলটোৰ । ভাৰতৰ হৈ অজয় মলিকে নিজৰ ছিংগলছ গেমছত মাত্ৰ দুটা ছেটত অৱতীৰ্ণ হয় । ৫৩ মিনিটৰ এই মেচখনত খেলুৱৈগৰাকীয়ে ০-৬, ২-৬ ছেটত ফিলিপ লিয়্যুক ছেকুলিক (Phliip Luke Sekulic) বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হয় । অন্যহাতে ভাৰতৰ সুশান্ত ডৱাছ কুপাৰ হুৱাইটৰ হাতত ৩-৬, ৪-৬ ছেটত পৰাস্ত হয় ।

অৱশ্যে ডাৱলছত জয়ৰ সোৱাদ লাভ কৰে ভাৰতে । ভাৰতীয় টেনিছ যুটি ডাৱাছ (Dabas) আৰু দিভেছ ঘালট (Divesh Gahlot) য়ে নিজৰ মেচত জয় লাভ কৰিবলৈ সক্ষম হয় । ছেকুলিক আৰু শ্বুৱান'নে মেচ চলি থকা মাজতেই আঘাতৰ সন্মুখীন হোৱাত আধাতে মেচ প্ৰত্যাহাৰ কৰে । ফলত বিজয়ী হয় ভাৰতীয় যুটিটো । ফিলিপিনছৰ বিৰুদ্ধে বৃহস্পতিবাৰে অৱতীৰ্ণ হ'ব ভাৰত । তিনিটা জয়ৰে অষ্ট্ৰেলিয়া শীৰ্ষ স্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে নিউজিলেণ্ড ।

ABOUT THE AUTHOR

...view details