স্পৰ্টছ ডেস্ক, 8 আগষ্ট : বিশ্ব ৰেংকিঙৰ পঞ্চম স্থানৰ টেনিছ তাৰকা এলিনা স্বিতলিনা আৰু সপ্তম স্থানৰ কিকি বাৰ্টেনছে শুকুৰবাৰে ইউএছ অ'পেনৰ পৰা কৰ'ণা ভাইৰাছৰ বাবে নাম প্ৰত্যাহাৰ কৰে ৷ পূৰ্বেও, গ্ৰেণ্ডশ্লামৰ পৰা বিশ্বৰ শীৰ্ষ স্থানৰ এশ্লেই বাৰ্টিয়ে নাম প্ৰত্যাহাৰ কৰিছিল ৷
উল্লেখ্য যে, 31 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব ইউএছ অ'পেন ৷ আনহাতে, চিনচিন্নাটি অ'পেন আয়োজন কৰা হ'ব 22 আগষ্টৰ পৰা ৷ আমেৰিকাত COVID-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ ফলত টেনিছ তাৰকাসকল প্ৰতিযোগিতাত অংশগ্ৰহণক লৈ চিন্তিত হৈ পৰিছে ৷
টুইটাৰৰ জৰিয়তে স্বিতলিনাই মন্তব্য কৰে যে, "সকলো দিশৰ ওপৰত পৰ্যালোচনা কৰি মই ইউএছ অ'পেন, 2020 ত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ মই USTA, আয়োজক আৰু WTA ক খেলুৱৈসকলক খেলিবলৈ আৰু দৰ্শকক উপভোগ কৰিবলৈ সুবিধা দিয়া বাবে ধন্যবাদ জনাব বিচাৰো৷"
তেওঁ লগতে কয়, "সুৰক্ষিত পৰিৱেশত তেওঁলোকে ইভেন্টৰ আয়োজন কৰিবলৈ চেষ্টা কৰোটো মই বুজি পাঁও আৰু ইয়াক সন্মান কৰো, কিন্তু মই নিজৰ জীৱনলৈ সংকট আনি আমেৰিকা ভ্ৰমণ কৰিবলৈ সুবিধাজনক বুলি ভবা নাই ৷"