স্পৰ্টছ ডেস্ক, 7 এপ্ৰিল :এটিপি 250 চৰদেগনা অপেনৰ পৰা বাহিৰ হৈছে ভাৰতৰ সুমিত নাগাল ৷ মঙলবাৰে অনুষ্ঠিত মেচত কঠিন যুঁজৰ অন্তত শ্লোভাকিয়াৰ জোজেফ কোভালিকৰ বিৰুদ্ধে পৰাস্ত হয় নাগাল ৷
বিশ্বৰ 136 সংখ্যক ৰেংকৰ নাগাল আৰু 124 সংখ্যক ৰেংকৰ কোভালিকে কোৱালিফায়িং ৰাউণ্ডৰ জৰিয়তে মেইন ড্ৰ'ত স্থান লাভ কৰিছিল ৷ দুঘন্টা 13 মিনিটৰ যুঁজত শ্লোভাকিয়াৰ খেলুৱৈ গৰাকীয়ে নাগালক 3-6, 6-1, 6-3 ব্যৱধানত পৰাস্ত কৰে ৷