স্পৰ্টছ ডেস্ক, 1 ফেব্ৰুৱাৰীঃ স্পেইনৰ গাৰ্বিন মুগুৰুজাক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল কৰি অভিলেখ ৰচিবলৈ সক্ষম হ’ল আমেৰিকাৰ টেনিছ খেলুৱৈ ছফিয়া কেনিননে ৷
অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল কৰা দ্বিতীয় কনিষ্ঠতম খেলুৱৈ ছফিয়া কেনিন - Australian Open 2020
অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল কৰি অভিলেখ ৰচিলে আমেৰিকাৰ ছফিয়া কেনিননে ৷ ছাৰাপোভাৰ পিচত অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ জয় কৰা দ্বিতীয় কনিষ্ঠতম খেলুৱৈ হ’ল ছফিয়া ৷
অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ জয় কৰা দ্বিতীয় কনিষ্ঠতম খেলুৱৈ ছফিয়া কেনিন
মাৰিয়া ছাৰাপোভাৰ পাচতেই শনিবাৰে অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল কৰি দ্বিতীয় কনিষ্ঠতম খেলুৱৈ হ’ল ছফিয়া ৷ 2 ঘণ্টা 3 মিনিটলৈ চলা ফাইনেল মেচখনত ছফিয়াই4-6, 6-2, 6-2 ছেটত জয় লাভ কৰে ৷
21 বছৰ 80 দিনীয়া কেনিনে এই সফলতা অৰ্জন কৰি দ্বিতীয় কনিষ্ঠতম খেলুৱৈৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷ ইয়াৰ পূৰ্বে মাৰিয়া ছাৰাপোভাই 2008 বৰ্ষত 20 বছৰ বয়সত অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল কৰিছিল ৷
- লগতে চাওক- নিউজিলেণ্ডত জৰিমনাৰ সন্মুখীন ভাৰতীয় দল