অসম

assam

ETV Bharat / sports

ইটালিয়ান অ’পেনৰ পৰা বাহিৰ ছেৰেনা উইলিয়ামছ

আঘাতৰ বাবে ইটালিয়ান অ’পেনৰ পৰা বাহিৰ হ’ল আমেৰিকাৰ মহিলা টেনিছ তাৰকা খেলুৱৈ ছেৰেনা উইলিয়ামছ ৷

By

Published : May 16, 2019, 12:35 PM IST

স্পৰ্টছ ডেস্ক, 16 মে’: ইটালিয়ান অ’পেন টেনিছ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হ’ল 23 বাৰৰ গ্ৰেণ্ড শ্লাম বিজয়ী ছেৰেনা উইলিয়ামছ ৷ আঠুৰ আঘাতৰ বাবেই টুৰ্ণামেণ্টৰ পৰা নাম প্ৰত্যাহাৰৰ কৰিলে খেলুৱৈগৰাকীয়ে ৷ টুৰ্ণামেণ্টখনৰ দ্বিতীয় ৰাউণ্ডত ভেনাছ উলিয়ামছৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ পূৰ্বে এই সিদ্ধান্ত ছেৰেনাৰ ৷

ইপিনে আঘাতৰ বাবেই পূৰ্বৰ বিশ্বৰ ১ নম্বৰ ডেনমাৰ্কৰ কেৰোলিনা ৱজনিয়াকিও ইতিমধ্যে টুৰ্ণামেণ্টৰ পৰা বাহিৰ হৈছে। আঘাতৰ বাবেই প্ৰথম ৰাউণ্ডত ডেনিলী কোলিংছৰ বিৰুদ্ধে আধাতে মেচ ত্যাগ কৰে কেৰোলিনাই।

ইটালিয়ান অ’পেনৰ পৰা বাহিৰ ছেৰেনা উইলিয়ামছ

ABOUT THE AUTHOR

...view details