অসম

assam

By

Published : Jan 23, 2020, 6:30 PM IST

ETV Bharat / sports

অষ্ট্ৰেলিয়ান অ’পেনৰ ডাবল্ছৰ পৰা বাহিৰ ছানিয়া মিৰ্জা

আঘাতৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনৰ ডাবল্ছৰ প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ হ’ল দুৰ্দান্ত ফৰ্মত থকা ভাৰতীয় তাৰকা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জা ৷

অষ্ট্ৰেলিয়ান অ’পেনৰ ডাবল্ছৰ পৰা বাহিৰ ছানিয়া মিৰ্জা
অষ্ট্ৰেলিয়ান অ’পেনৰ ডাবল্ছৰ পৰা বাহিৰ ছানিয়া মিৰ্জা

স্পৰ্টছ ডেস্ক, 23 জানুৱাৰীঃ ভাৰতীয় ক্ৰীড়াপ্ৰেমীলৈ দুঃখবৰ ৷ বৃহস্পতিবাৰে অষ্ট্ৰেলিয়ান অ’পেনৰ ডাবল্ছৰ প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ হ’ল ভাৰতীয় টেনিছ খেলুৱৈ ছানিয়া মিৰ্জা ৷ আঘাতৰ সন্মুখীন হৈ মেচৰ আধাতেই খেলপথাৰ ত্যাগ কৰিলে ভাৰতীয় খেলুৱৈগৰাকীয়ে ৷

হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টৰ খিতাপ জয় ছানিয়া-নাডিয়াৰ

ইউক্ৰেনৰ নাডিয়া কিচন’কৰ সৈতে অষ্ট্ৰেলিয়ান অ’পেনত চীনৰ ঝিনয়ুন হান আৰু লিন ঝু (Xinyun Han and Lin Zhu) ৰ বিৰুদ্ধে মুখামুখি হৈছিল ছানিয়া ৷ মেচখনৰ আধাতেই ভৰিৰ মাংসপেশীত আঘাতৰ সন্মুখীন হয় ছানিয়া মিৰ্জা ৷ আঘাতৰ সময়চোৱাত মেচখনত 6-2 আৰু 1-0 ব্যৱধানত পিচ পৰি আছিল ছানিয়া-নাডিয়াৰ যুটিটো ৷ জানিব পৰা মতে, অনুশীলনৰ সময়তেই আঘাতপ্ৰাপ্ত হৈছিল ভাৰতীয় খেলুৱৈগৰাকী ৷

আঘাতৰ বাবে টেনিছ ক’ৰ্ট ত্যাগ ছানিয়াৰ

উল্লেখ্য যে, কিছু দিন পূৰ্বে মাতৃত্ব গ্ৰহণৰ 2 বছৰৰ পাচত দুৰ্দান্ত প্ৰত্যাৱৰ্তন কৰি হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল ছানিয়াই ৷ এই টুৰ্ণামেণ্টতো ছানিয়াৰ সহযোগি খেলুৱৈ হিচাপে আছিল ইউক্ৰেনৰ নাডিয়া কিচন’ক ৷

ছানিয়া মিৰ্জাৰ সফলতা

ছানিয়াই বৰ্তমানলৈকে নিজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত মহিলাৰ ডাবল্ছত তিনিখন গ্ৰেণ্ড শ্লাম খিতাপ জয় কৰিবলৈ সক্ষম হৈছে ৷ য’ত আছে 2015 চনত উইম্বলডন আৰু ইউএছ অ’পেন ৷ ইপিনে 2016 চনত অষ্ট্ৰেলিয়ান অ’পেনৰোখিতাপ লাভ কৰিছিল ছানিয়াই৷ অন্যহাতেমিক্সড ডাবল্ছটো ছানিয়াৰ নামত আছে 2009 চনত অষ্ট্ৰেলিয়ান অ’পেন, 2012 চনত ফ্ৰান্স অ’পেন আৰু 2014 চনত ইউএছ অ’পেন

For All Latest Updates

ABOUT THE AUTHOR

...view details