স্পৰ্টছ ডেস্ক, 18 জানুৱাৰীঃমাতৃত্ব লাভ কৰাৰ দুটা বছৰ পাচত পুনৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে টেনিছ জগতলৈ প্ৰত্যাৱৰ্তন কৰিছে ভাৰতীয় তাৰকা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই ৷ হ’বাৰ্ট ইণ্টাৰনেশ্বনেল টুৰ্ণামেণ্টৰ মহিলা ডাবল্ছৰ খিতাপ দখল কৰিলে ছানিয়া আৰু নাডিয়াই ৷ ফাইনেলত চীনৰ ঝাং শ্বুৱেই আৰু পেং শ্বুৱেইক (Zhang Shuai-Peng Shuai) 6-4, 6-4প্ৰত্যক্ষ ছেটত পৰাস্ত কৰি ফাইনেলৰ খিতাপ জয় কৰিবলৈ সক্ষম হয় ভাৰতৰ ছানিয়া আৰু ইউক্ৰেইনৰ নাডিয়া কিচন’কৰ যুটিটোৱে ৷
টেনিছ কৰ্টলৈ প্ৰত্যাৱৰ্তন কৰিয়ে খিতাপ অৰ্জন ছানিয়াৰ
হ’বাৰ্ট ইণ্টাৰনেশ্বনেল টুৰ্ণামেণ্টৰ খিতাপ জয় ছানিয়া মিৰ্জা আৰু নাডিয়া কিচন’কৰ যুটিৰ ৷ মাতৃত্বৰ দুটা বছৰ পাচত দুৰ্দান্তভাৱে টেনিছ কৰ্টত প্ৰত্যাৱৰ্তন ভাৰতীয় তাৰকা টেনিছ খেলুৱৈগৰাকীৰ ৷
টেনিছ কৰ্টলৈ প্ৰত্যাৱৰ্তন কৰিয়ে খিতাপ অৰ্জন ছানিয়াৰ
উল্লেখ্য যে, শুকুৰবাৰে ছেমিফাইনেলত ছানিয়া আৰু নাডিয়া কিচন’কৰ যুঁটিটোৱে শ্লোভেনিয়াৰ তামাৰা জিদানচে আৰু চেক গণৰাজ্যৰ মাৰি বুজকোৱাক এক ঘণ্টা 24 মিনিটলৈ চলা মেচখনত 7-6, 6-2 ছেটত পৰাস্ত কৰি ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷
মাতৃত্ব লাভ কৰাৰ সুদীৰ্ঘ দুটা বছৰৰ পাচত এইটো প্ৰথম আন্তঃৰাষ্ট্ৰীয় খিতাপ ছানিয়াৰ ৷ 2017 বৰ্ষৰ অক্টোবৰ মাহত শেষবাৰৰ বাবে চীন অ‘পেনত অৱতীৰ্ণ হৈছিল ছানিয়া ৷
TAGGED:
Hobart International title