অসম

assam

ETV Bharat / sports

অষ্ট্ৰেলিয়ান অ’পেনঃ কোৱাৰ্টাৰ ফাইনেলত ফেডেৰৰ - ৰ’জাৰ ফেডেৰৰ

ন’বাক জ’ক’ভিজৰ পাচত অষ্ট্ৰেলিয়ান অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ৰ’জাৰ ফেডেৰৰ ৷

অষ্ট্ৰেলিয়ান অ’পেনঃ কোৱাৰ্টাৰ ফাইনেলত ফেডেৰৰ
অষ্ট্ৰেলিয়ান অ’পেনঃ কোৱাৰ্টাৰ ফাইনেলত ফেডেৰৰ

By

Published : Jan 26, 2020, 11:52 PM IST

স্পৰ্টছ ডেস্ক, 26 জানুৱাৰীঃ অষ্ট্ৰেলিয়ান অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে 20 বাৰৰ গ্ৰেণ্ডশ্লাম বিজয়ী ৰ’জাৰ ফেডেৰৰে ৷ এক সংঘৰ্ষপূৰ্ণ মেচত মাৰ্টন ফুকছ’ভিকছক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ছুইজাৰলেণ্ডৰ তাৰকা খেলুৱৈগৰাকীয়ে ৷

অষ্ট্ৰেলিয়ান অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত ৰ’জাৰ ফেডেৰৰ

প্ৰথম ছেটত পৰাজয়ৰ সন্মুখীনৰ পাচতো অভিজ্ঞতাৰ পৰিচয় দি ফেডেৰৰে মেচখন 4-6, 6-1, 6-2, 6-2 ত জয় লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগে-লগে 15 বাৰৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ফেডেৰৰে৷ পৰৱৰ্তী মেচত আমেৰিকাৰ টেনিজ ছেণ্ডগ্ৰেনৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ’ব ৷

ন’বাক জ’ক’ভিজ

ইয়াৰ পূৰ্বে আজি ৰ’ড লেভৰ এৰেণাত অনুষ্ঠিত হোৱা মেচত ডিয়েগো শ্বাৰ্টছমেনক 6-3, 6-4, 6-4 ছেটত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ছাৰ্বিয়াৰ ন’বাক জ’ক’ভিজে ৷ অষ্ট্ৰেলিয়ান অ’পেনত 11 বাৰৰ বাবে অন্তিম আঠত স্থান লাভ কৰিবলৈ সক্ষম হৈছে জ’ক’ভিজে ৷ কোৱাৰ্টাৰ ফাইনেলত মিলোছ ৰায়োনিছৰ বিৰুদ্ধে মুখামুখি হ’ব জ’ক’ভিজ ৷

ABOUT THE AUTHOR

...view details