অসম

assam

ETV Bharat / sports

ইটালিয়ান অ'পেনৰ খিতাপ দখল ৰাফেল নাডালৰ

ফাইনেলত জকভিচ'ক পৰাস্ত কৰি নৱম বাৰৰ বাবে ইটালিয়ান অ'পেনৰ খিতাপ দখল কৰি স্পেইনৰ তাৰকা গৰাকীয়ে

ইটালিয়ান অপেনৰ খিতাপ দখল ৰাফেল নাডালৰ

By

Published : May 20, 2019, 3:12 AM IST

স্পৰ্টছ ডেস্ক,20 মেঃ 2019 বৰ্ষৰ ইটালিয়ান অ'পেন টেনিছৰ খিতাপ দখল কৰিলে স্পেনিছ টেনিছ তাৰকা ৰাফেল নাডালে ৷ ফাইনেলত ছাৰ্বিয়ান তাৰকা নভাক জকভিচক পৰাস্ত কৰি নৱমবাৰৰ বাবে ইটালিয়ান অ'পেনৰ খিতাপ অৰ্জন কৰে ৰাফেল নাডালে ৷ দেওবাৰে অনুষ্ঠিত ফাইনেলত বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানত থকা ৰাফেল নাডালৰ বিৰুদ্ধে সহজে পৰাজয় বৰণ কৰে ৰেংকিঙৰ প্ৰথম স্থানত থকা জকভিচে ৷ 6-0,4-6,6-1 ছেটৰ ব্যৱধানত জকভিচক পৰাস্ত কৰে নাডালে ৷

উল্লেখযোগ্য যে,ৰাফেল নাডালৰ কেৰিয়াৰৰ এইটো হৈছে 81 সংখ্যক খিতাপ ৷

ABOUT THE AUTHOR

...view details