স্পৰ্টছ ডেস্ক, ২৬ মে': COVID-১৯ মহামাৰীৰ ফলত বৰ্তমান বিশ্বজুৰি স্তব্ধ হৈ ৰৈছে সকলো ক্ৰীড়া কাৰ্যকলাপ । বহু কেইটা প্ৰতিযোগিতা বাতিল কৰাৰ বিপৰীতে বহু কেইটা প্ৰতিযোগিতা স্থগিত কৰা হৈছে । ইপিনে COVID-১৯ৰ পাচত প্ৰতিযোগিতা অনুষ্ঠিত কৰাকলৈ বিভিন্ন চিন্তা-চৰ্চা অব্যাহত আছে । ইয়াৰ মাজতে এটা চৰ্চাৰ বিষয় হৈছে দৰ্শকৰ উপস্থিতি । বহু কেইটা প্ৰতিযোগিতা খালি ষ্টেডিয়াম অৰ্থাৎ দৰ্শক বিহীনভাৱে আয়োজনৰ জল্পনা-কল্পনা চলি থকাৰ মাজতেই টেনিছ খেলুৱৈ পেত্ৰা কেভিট'ভাৰ পৰা আহিছে এক প্ৰতিক্ৰিয়া ।
দুবাৰকৈ উইম্বলডন চেম্পিয়ন খেলুৱৈগৰাকীয়ে কৰ'ণা ভাইৰাছৰ ফলত দৰ্শক বিহীনভাৱে মেচ খেলাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে । লগতে তেনেস্থলত তেওঁ গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতা বাতিল কৰাকহে প্ৰথমে অগ্ৰাধিকাৰ দিব বুলি উল্লেখ কৰে ।