স্পৰ্টছ ডেস্ক, 23 জুনঃ ক্ৰীড়াজগতৰ এক ডাঙৰ খবৰ । আড্ৰিয়া ট্যুৰত অংশগ্ৰহণ কৰা বিশ্বৰ শীৰ্ষ স্থানৰ টেনিছ ৰেংকিঙ খেলুৱৈ ন'ভাক জ'ক'ভিচ কৰ'ণা পজিটিভ । বুলগেৰিয়াৰ গ্ৰিগোৰ ডিমিট্ৰভ আৰু ক্ৰোয়েচিয়াৰ খেলুৱৈ বাৰ্ণা কোৰিকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি পোৱাৰ এদিন পাচতেই ক্ৰোয়েচিয়াৰ ভিক্টৰ ট্ৰ'ইকী আৰু তেওঁৰ পত্নীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ বীজাণু । শেহতীয়াকৈ ন'ভাক জ'ক'ভিচ দেহতো ধৰা পৰিছে ভাইৰাছৰ অৱস্থিতি ।
উল্লেখ্য় যে, চাৰিও খেলুৱৈয়ে ন'ভাক জ'ক'ভিচৰ সংস্থাৰ দ্বাৰা আয়োজিত আড্ৰিয়া ট্যুৰত প্ৰদৰ্শনী প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল । ন'ভাক জ'ক'ভিচয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে, তেওঁৰ লগতে পত্নী জেলেনাৰ কৰ'ণা পৰীক্ষাৰ ফলাফল পজিটিভ পোৱাৰ লগতে তেওঁৰ সন্তানৰ ফলাফল নিগেটিভ পোৱা গৈছে । খেলুৱৈগৰাকীয়ে এই অনাকাংক্ষিত ঘটনাৰ বাবে সকলোকে ক্ষমা প্ৰাৰ্থনা বিচাৰি 14 দিনৰ বাবে ছেল্ফ আইচ'লেচনত থকাৰ কথা সদৰি কৰে ।
জ'ক'ভিচৰ পূৰ্বে পোন প্ৰথমে বুলগেৰিয়াৰ গ্ৰিগোৰ ডিমিট্ৰভ তাৰ পাচত ক্ৰয়োচিয়াৰ বাৰ্ণা কোৰিক আৰু শেহতীয়াকৈ ক্ৰয়োচিয়াৰে ভিক্টৰ ট্ৰ'ইকী আৰু তেওঁৰ পত্নীৰ দেহত ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ উপস্থিতি ।