মেদ্ৰিদ অ'পেনৰ ফাইনেলত জ'ক'ভিজ
মেদ্ৰিদ অ'পেনৰ ছেমিফাইনেলত ড'মিনিক থীমক পৰাস্ত কৰি ফাইনেলত স্থান লাভ ন'ভাক জ'ক'ভিজৰ । ৭-২(৭-২), ৭-৬( ৭-৪) ছেটত বিজয়ী জ'ক'ভিজ ।
মেদ্ৰিদ অ'পেনৰ ফাইনেলত জ'ক'ভিজ বনাম ছিতছিপাছ
স্পৰ্টছ ডেস্ক, ১২ মে':শনিবাৰে মেদ্ৰিদ অ'পেনৰ ফাইনেলত স্থান লাভ কৰিলে ছাৰ্বিয়াৰ টেনিছ তাৰকা খেলুৱৈ ন'ভাক জ'ক'ভিজে । বিশ্বৰ এক নম্বৰ খেলুৱৈগৰাকীয়ে ছেমিফাইনেলত অষ্ট্ৰিয়াৰ ড'মিনিক থীমক ৭-২(৭-২), ৭-৬ ( ৭-৪) ছেটৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হয় । এই সফলতাৰ পাচত ফাইনেলত গ্ৰীছৰ যুৱখেলুৱৈ ষ্টেফান'ছ ছিতছিপাছৰ বিৰুদ্ধে খিতাপৰ যুঁজত মুখামুখি হ'ব জ'কভিজ । ইপিনে ৰাফেল নাডালক পৰাস্ত কৰি ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ষ্টেফান'ছ ছিতছিপাছ ।