অসম

assam

ETV Bharat / sports

আগন্তুক 6 মাহে মই ভাল আচৰণ কৰিমঃ নিক কিৰিয়ছ - চিনচিন্নাটি মাষ্টাৰ্ছ

নিক কিৰিয়ছলৈ এচ'ছিয়েচন অৱ টেনিছ প্ৰফেছনেলছে (ATP) 16 সপ্তাহৰ নিষেধাজ্ঞাৰ পাচতেই প্ৰতিক্ৰিয়া নিক কিৰিয়ছৰ ৷

আগন্তুক 6 মাহে মই ভাল আচৰণ কৰিমঃ নিক কিৰিয়ছ

By

Published : Sep 27, 2019, 4:59 PM IST

স্পৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰঃ অষ্ট্ৰেলিয়াৰ টেনিছ তাৰকা নিক কিৰিয়ছলৈ এচ'ছিয়েচন অৱ টেনিছ প্ৰফেছনেলছে (ATP) 16 সপ্তাহৰ নিষেধাজ্ঞা আৰু 25 হাজাৰ ডলাৰ জৰিমনা বিহাৰ পাচতেই ইনষ্টাগ্ৰামত প্ৰতিক্ৰিয়া প্ৰকাশ নিক কিৰিয়ছৰ ৷ আগন্তুক 6 মাহে মই ভাল আচৰণ কৰিম বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ৷

উল্লেখ্য যে, চিনচিন্নাটি মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডৰ মেচত ৰাছিয়াৰ কাৰেণ খাছানোভৰ হাতত পৰাস্ত হোৱাৰ পাছতে আম্পায়াৰৰ সৈতে অভব্য আচৰণ, অশ্লীল ভাষা প্ৰয়োগ, অনুমতিবিহীনভাৱে ক'ৰ্ট ত্যাগ আৰু দুটাকৈ ৰেকেট ভঙাৰ বাবে জৰিমনাৰ লগতে শাস্তি বিহা হয় খেলুৱৈগৰাকীক ৷

ABOUT THE AUTHOR

...view details