স্পৰ্টছ ডেস্ক, 13 ছেপ্তেম্বৰ : দেওবাৰে আৰ্থৰ এছ ষ্টেডিমায়ত অনুষ্ঠিত হোৱা ইউ এছ অ’পেনৰ ফাইনেল মেচত জয় লাভ জাপানৰ নাওমী অ’ছাকাৰ ৷
কেৰিয়াৰৰ তৃতীয়টো গ্ৰেণ্ডশ্লাম খিতাপ অৰ্জন নাওমীৰ ফাইনেলত ভিক্টোৰিয়া আজাৰেংকাক 1-6, 6-3, 6-3 ছেটৰ ব্যৱধানত পৰাস্ত কৰি 2018 চনৰ পাচত দ্বিতীয়বাৰৰ বাবে ইউ এছ অ’পেন খিতাপ জয় কৰিবলৈ সক্ষম হয় জাপানৰ খেলুৱৈগৰাকীয়ে ৷
ট্ৰফীৰ সৈতে ভিক্টোৰিয়া আজাৰেংকা আৰু নাওমী অ’ছাকা প্ৰথমটো ছেটত নাওমীয়ে জয় লাভ কৰাত ব্যৰ্থ হৈ যদিও দ্বিতীয় আৰু তৃতীয় ছেটত সুন্দৰ খেলৰ প্ৰদৰ্শন কৰি কেৰিয়াৰৰ তৃতীয়টো গ্ৰেণ্ডশ্লাম খিতাপ নিজৰ নাম কৰিবলৈ সক্ষম হয় নাওমীয়ে ৷
লগতে চাওক-অষ্ট্ৰেলিয়াক 232 ৰানৰ লক্ষ্য ইংলেণ্ডৰ