স্পৰ্টছ ডেস্ক, 21 জুনঃ বৃহস্পতিবাৰে এক বৃহৎ অঘটনৰ সন্মুখীন হয় বিশ্বৰ এক নম্বৰ মহিলা টেনিছ খেলুৱৈ নাওমি অ’ছাকা ৷ বাৰ্মিংহাম অ’পেনত বিশ্বৰ 43 নম্বৰৰ ৰেংকিঙত থকা কাজাকিস্তানৰ খেলুৱৈ য়ুলিয়া পুতিণ্টছেৱাৰ হাতত 6-2, 6-3 ছেটত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় জাপানৰ খেলুৱৈগৰাকী ৷
বাৰ্মিংহাম অ’পেনৰ পৰা বাহিৰ মহিলাৰ শীৰ্ষ টেনিছ তাৰকা - জাপানৰ নাওমি অ’ছাকা
কাজাকিস্তানৰ খেলুৱৈৰ হাতত পৰাস্ত হৈ বাৰ্মিংহাম অ’পেনৰ পৰা বাহিৰ দুবাৰকৈ গ্ৰেণ্ড শ্লাম বিজয়ী জাপানৰ নাওমি অ’ছাকা ৷
বাৰ্মিংহাম অ’পেনৰ পৰা বাহিৰ নাওমি
উল্লেখ্য যে, ফ্ৰেন্স অ’পেনটো তৃতীয় ৰাউণ্ডত পৰাজয়ৰ সন্মুখীন হৈছিল নাওমি ৷ ইপিনে ফ্ৰেন্সৰ অ’পেনৰ খিতাপ জয় কৰা অষ্ট্ৰেলিয়াৰ অছলেগ বাৰ্টিয়ে আমেৰিকাৰ জেনিফাৰ ব্ৰেডীক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিশ্ব টেনিছ ৰেংকিঙৰ দ্বিতীয় স্থানত থকা বাৰ্টিয়ে জেনিফাৰক 6-3, 6-1 ছেটত পৰাস্ত কৰে ৷