স্পৰ্টছ ডেস্ক, 10 অক্টোবৰ :পেৰিচত হৈ থকা 13সংখ্যক ফ্ৰান্স অপেনৰ ফাইনেলত প্ৰৱেশ কৰিছে ৰাফেল নাডালে ৷ 34 বৰ্ষীয় খেলুৱৈগৰাকীয়ে 6-3, 6-3, 7-6 (7/0)ৰে পোনপটীয়া ছেটত আৰ্জেন্টিনাৰ ডিয়াগ' ছ্ৱাৰ্টজমানক পৰাস্ত্ৰ কৰি ফাইনেলত প্ৰৱেশ কৰে ৷ ফাইনেলত নভাক জ'কভিছৰ সৈতে মুখামুখি হ'ব নাডাল ৷
ৰোলান্ড গাৰোচত অনুষ্ঠিত হোৱা খেলখনত নাডালৰ এয়া হৈছে কেৰিয়াৰৰ 99 সংখ্যক জয় ৷ 2005ত টেনিচৰ কেৰিয়াৰ আৰম্ভ কৰা নাডালে ৰজাৰ ফেডেৰাৰৰ অভিলেখ সংখ্যক 20টা গ্ৰেণ্ড শ্লাম খিতাপৰ শাৰী চুবলৈ এটা বিজয়েৰে পিচপৰি আছে ৷