মেড্ৰিড অ'পেনৰ তৃতীয় ৰাউণ্ডত নাডাল - কানাডা
ফেলিক্স এ্য়ুগেৰ (Felix Auger)ক পৰাস্ত কৰি মেড্ৰিড অ'পেনৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ স্পেইনৰ তাৰকা টেনিছ খেলুৱৈ ৰাফেল নাডালৰ ।
মেড্ৰিড অ'পেনৰ তৃতীয় ৰাউণ্ডত নাডাল
স্পৰ্টছ ডেস্ক, ৯ মে': কানাডাৰ যুৱ খেলুৱৈ ফেলিক্স এ্য়ুগেৰক বুধবাৰে পৰোক্ষ ভাৱে ৬-৩, ৬-৩ ছেটত পৰাস্ত কৰি মেড্ৰিড অ'পেনৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয় বিশ্বৰ দ্বিতীয় নম্বৰত থকা টেনিছ খেলুৱৈ ৰাফেল নাডালে । ষষ্ঠবাৰৰ বাবে মেড্ৰিড অ'পেনৰ খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হোৱা নাডালে তৃতীয় ৰাউণ্ডত মুখামুখি হ'ব আমেৰিকাৰ ফ্ৰান্সিছ টিয়াফয়েৰ বিৰুদ্ধে ।