স্পৰ্টছ ডেস্ক, 29 ছেপ্তেম্বৰ :13 সংখ্যক গ্ৰেণ্ডশ্লাম দখলৰ লক্ষ্যৰে ফ্ৰেন্স অ'পেনৰ দ্বিতীয় দিনা প্ৰথম ৰাউণ্ডত জয় সাব্যস্ত কৰিছে ৰাফেল নাডালে ৷ প্ৰথম ৰাউণ্ডৰ যুঁজত তেওঁ পৰাস্ত কৰে বিশ্ব ৰেংকিঙৰ 83 সংখ্যক স্থানৰ বেলাৰুছৰ টেনিছ খেলুৱৈ ইগৰ গেৰাছিমোভক ৷ ইগৰে বিশ্বৰ দ্বিতীয় স্থানৰ নাডালক প্ৰথম অৱস্থাত কিছু প্ৰত্যাহ্বান আগবঢ়াইছিল যদিও জয়ৰ বাবে সেয়া পৰ্যাপ্ত নাছিল ৷
দুঘন্টা পাঁচ মিনিটৰ যুঁজত নাডালে 6-4 6-4 6-2 ছেটত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ দ্বিতীয় ৰাউণ্ডত বিশ্বৰ 211 সংখ্যক স্থানৰ আমেৰিকাৰ মেকেঞ্জি মেকড'নাল্ডৰ সন্মুখীন হ'ব নাডাল ৷