স্পৰ্টছ ডেস্ক, 20 নৱেম্বৰ :চলিত এটিপি ফাইনেলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানৰ ৰাফেল নাডাল ৷ ডিফেণ্ডিং চেম্পিয়ন ষ্টেফানোছ টিছিটছিপাচক পৰাস্ত কৰি ছেমি ফাইনেলৰ পথ প্ৰশস্ত কৰে নাডালে ৷
বৃহস্পতিবাৰে অনুষ্ঠিত মেচত দুঘন্টা পাঁচ মিনিটৰ যুজত নাডালে টিছিটছিপাচক পৰাস্ত কৰে ৷ 6-4, 4-6, 6-2 ছেটত জয়ী হোৱা নাডালে ষষ্ঠবাৰৰ বাবে এই ইভেন্টৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ জৰিয়তে বছৰটোৰ অন্তিমখন টুৰ্ণামেন্টৰ প্ৰথমটো পদক দখলৰ দিশে এখোজ আগবাঢ়ে নাডাল ৷ Group London 2020 ত 2-1 ৰে স্পেনিছ তাৰকা খেলুৱৈগৰাকীয়ে ডমিনিক থিয়েমৰ পাচতে দ্বিতীয় স্থান দখল কৰিছে ৷