স্পৰ্টছ ডেস্ক, 21 জানুৱাৰীঃঅষ্ট্ৰেলিয়ান অ’পেনত পুনৰ অঘটন ৷ ৰ’ড লেবৰ এৰিণাত অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়ান অ’পেনৰ প্ৰথম ৰাউণ্ডেই পৰাস্ত হয় ৰুছৰ খেলুৱৈ মাৰিয়া ছাৰাপ'ভা ৷ ক্ৰৱেচিয়াৰ ডোনা ৱেকিকৰ হাতত 6-3, 6-4 ছেটত পৰাজয়ৰ সন্মুখীন হয় ছাৰাপ'ভা ৷ বৰ্তমান বিশ্ব ৰেংকিঙৰ 145 নম্বৰত অধিষ্ঠিত ছাৰাপ'ভা ৷ বৰ্তমানলৈকে তিনিখন গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতাত পৰাজয়বৰণ কৰিবলগীয়া হৈছে মাৰিয়া ছাৰাপ'ভাই ৷
অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ মাৰিয়া ছাৰাপ'ভা - ডোনা ৱেকিকৰ হাতত পৰাস্ত মাৰিয়া ছাৰাপ'ভা
অষ্ট্ৰেলিয়ান অ’পেনৰ প্ৰথম ৰাউণ্ডৰ পৰা ভেনাছ উইলিয়ামছ বাহিৰ হোৱাৰ পাচতেই এইবাৰ বাহিৰ হ’ল মাৰিয়া ছাৰাপ'ভা ৷ 3 বছৰৰ নিষেধাজ্ঞাৰ পাচত টেনিছ ক’ৰ্টলৈ প্ৰত্যাৱৰ্তন কৰিয়ে পুনৰ পৰাজয়ৰ সন্মুখীন হৈছে খেলুৱৈগৰাকী ৷
অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ মাৰিয়া ছাৰাপোভা
উল্লেখ্য যে, ছাৰাপ'ভাৰ পূৰ্বে সোমবাৰে অষ্ট্ৰেলিয়ান অ’পেনৰ প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ হৈছিল 7 বাৰৰ উইম্বলডন চেম্পিয়ন ভেনাছ উইলিয়ামছ ৷ অষ্ট্ৰেলিয়া অ’পেনৰ অভিষেক মেচতেই এই অঘটন কৰিবলৈ সক্ষম হৈছিল কোকো গৌফে ৷
- লগতে চাওক- কলগাছিয়াত আধাৰ কাৰ্ডৰ নামত দুৰ্নীতি