অসম

assam

ETV Bharat / sports

অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বিদায় লিয়েণ্ডাৰ পেজৰ - বেথানি মাটেক চাণ্ডচ

অষ্ট্ৰেলিয়ান অ’পেনৰ মিক্সড ডাবলছত পৰাস্ত লিয়েণ্ডাৰ পেজ আৰু লাটভিয়াৰ জেলেনা ওচটাপেংকো ৷ জ্যামি মাৰে আৰু বেথানি মাটেক চাণ্ডচ হাতত 6-2,7-5 চেটত পৰাস্ত হয় পেজ-জেলেনাৰ যুটি ৷

Leander Paes knocked out of Australian OpenLeander Paes knocked out of Australian Open
অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বিদায় লিয়েণ্ডাৰ পেজৰ

By

Published : Jan 28, 2020, 5:08 PM IST

স্প’ৰ্টচ ডেস্ক, 28 জানুৱাৰীঃঅষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ ভাৰতীয় টেনিছ তাৰকা লিয়েণ্ডাৰ পেজ ৷ মঙলবাৰে অনুষ্ঠিত মিক্সড ডাবলছৰ দ্বিতীয় ৰাউণ্ডৰ মেচত পেজৰ সহযোগী লাটভিয়াৰ জেলেনা ওচটাপেংকোৱে জ্যামি মাৰে আৰু বেথানি মাটেক চাণ্ডচ হাতত 6-2,7-5 চেটত পৰাস্ত হয় ৷

আনহাতে যে মেচখনত মাৰে আৰু মাটেক চাণ্ডচে পেজ আৰু জেলেনাক বেকফুটত ৰাখি নিজৰ আধিপত্য বজাই ৰাখে ৷ ইয়াৰ পূৰ্বে পেজ আৰু জেলেনাই অষ্ট্ৰেলিয়ান অ’পেনত ষ্ট্ৰম চাণ্ডাৰ্চ আৰু মাৰ্ক পোলমানচৰ যুটিক 6-7, 6-3, 10-6 চেটত পৰাস্ত কৰিছিল ৷

উল্লেখ্য যে যোৱাটো বৰ্ষত লিয়েণ্ডাৰ পেজে 2020 চনটো টেনিছ কৰ্টত শেষৰটো বছৰ হ’ব বুলিও ঘোষণা কৰিছিল ৷

ভাৰতীয় টেনিছ তাৰকা লিয়েণ্ডাৰ পেজে আঠবাৰ ডাবলছ আৰু দহবাৰ মিক্সড ডাবলছ গ্ৰেণ্ডশ্লামৰ খিতাপ দখল কৰিছে ৷ তেওঁ ইতিমধ্যে 1996-97 বৰ্ষত ভাৰতীয় খেল জগতৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰে বিভূষিত হৈছে ৷ ইয়াৰোপৰি 2001 চনত পদ্মশ্ৰী, 1990 চনত অৰ্জুন বঁটা তথা 2014 চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণেৰেও বিভূষিত হৈছে লিয়েণ্ডাৰ পেজ ৷

আনহাতে 1996 চনৰ আটলান্টা অলিম্পিকত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁ 1992 চনৰ পৰা 2016 চন পৰ্যন্ত একেৰাহে অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি আছে ৷ তেওঁ সাতবাৰকৈ ভাৰতক টেনিছত প্ৰতিনিধিত্ব কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৷

আৰু পঢ়কঃঅষ্ট্ৰেলিয়ান অ’পেনঃ ছেমি ফাইনেলত এশ্লে বাৰ্টী আৰু ছ’ফিয়া কেনিন

ABOUT THE AUTHOR

...view details