US Open: খিতাপ দখল জেমী মেৰে আৰু বেথনী মেটেক ছেণ্ডেছৰ - চান হাৱো-চিংগ আৰু মাইকল বীনছ
চীনৰ যুঁটি চান হাৱো-চিংগ আৰু মাইকল বীনছক পৰাস্ত কৰি অমেৰিকা অ‘পেনৰ মিক্সড ডাবুলছৰ খিতাপ দখল জেমী মেৰে আৰু বেথনী মেটেক ছেণ্ডেছৰ ৷
US Open: মিক্সড ডাবুলছ খিতাপ জেমী মেৰে আৰু বেথনী মেটেক ছেণ্ডেছৰ
স্পৰ্টছ ডেস্ক, 8 ছেপ্তেম্বৰঃ নিউৰ্য়কত অনুষ্ঠিত হোৱা ইউ এছ অ’পেনৰ মিক্সড ডাবল'ছ খিতাপ দখল জেমী মেৰে আৰু বেথনী মেটেক ছেণ্ডেছৰ ৷ চীনৰ চান হাৱো-চিংগ আৰু মাইকল বীনছক 6-2, 6-3 ছেটৰ ব্যৱধানত পৰাস্ত কৰি এই সফলতা লাভ কৰে মেৰে আৰু বেথনীয়ে ৷ তিনিবাৰৰ বাবে মিক্সড ডাবল'ছ খিতাপৰ জয় কৰাৰ লগতে সপ্তমটো গ্ৰেণ্ড শ্লাম লাভ কৰিবলৈ সক্ষম হৈছে জেমী মেৰেয়ে ৷