স্পৰ্টছ ডেস্ক, 15 অক্টোবৰ : ভাৰতীয় টেনিছ দলে সৰ্ব ভাৰতীয় টেনিছ এছ'চিয়েছন চমুকৈ AITA লৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ ডেভিছ কাপৰ বাবে পাকিস্তানৰ সলনি অন্য স্থান নিৰ্ধাৰণ কৰিবলৈ এই পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পাছতে ভাৰতীয় সংস্থাটোৱে আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনলৈ (ITF) পত্ৰ প্ৰেৰণ কৰি স্থান সলনিৰ বাবে আহ্বান জনাব ৷ দুয়ো দেশৰ মাজত শেহতীয়াকৈ বৃদ্ধি পোৱা উদ্বিগ্নতাৰ পাছতে এনেদৰে স্থান সলনি কৰিবলৈ আহ্বান জনোৱা হৈছে ৷
ডেভিছ কাপ : AITA লৈ ভাৰতীয় টেনিছ দলৰ পত্ৰ প্ৰেৰণ - দুয়ো দেশৰ মাজৰ বিঘ্নিত সম্পৰ্কৰ বাবে পাকিস্তানলৈ যাবলৈ অনিচ্ছা প্ৰকাশ ভাৰতীয় দলৰ
ভাৰতীয় টেনিছ দলে সৰ্ব ভাৰতীয় টেনিছ এছ'চিয়েছন চমুকৈ AITA লৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ ডেভিছ কাপৰ বাবে পাকিস্তানৰ সলনি অন্য স্থান নিৰ্ধাৰণ কৰিবলৈ এই পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
ডেভিছ কাপ : AITA লৈ ভাৰতীয় টেনিছ দলৰ পত্ৰ প্ৰেৰণ
দুয়ো দেশৰ মাজৰ বিঘ্নিত সম্পৰ্কৰ পাছতে ভাৰতীয় দলটোৱে পাকিস্তান ভ্ৰমণলৈ যাবলৈ অনিচ্ছা প্ৰকাশ কৰিছে বুলি এক সূত্ৰই জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, চলিত বৰ্ষৰে ছেপ্টেম্বৰত AITA য়ে ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগা ডেভিছ কাপৰ বাবে নতুন সময় নিৰ্ধাৰণ কৰিছিল ৷ ইছলামাবাদত নৱেম্বৰৰ 29 তাৰিখৰ পৰা ডিচেম্বৰৰ 1 তাৰিখৰ ভিতৰত এই টুৰ্ণামেন্ট অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷