অসম

assam

ETV Bharat / sports

নিৰপেক্ষ স্থানলৈ স্থানান্তৰিত ভাৰত-পাকিস্তান ডেভিছ কাপ টাই - নিৰপেক্ষ স্থানলৈ স্থানান্তৰিত ভাৰত-পাকিস্তান ডেভিছ কাপ টাই

ভাৰত-পাকিস্তান ডেভিছ কাপ টাইৰ স্থান সলনি কৰাৰ কথা ঘোষণা কৰিছে আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনে ৷ 29-30 নৱেম্বৰত এক নিৰপেক্ষ স্থানত আয়োজন কৰা হ'ব মেচ ৷

ভাৰত-পাকিস্তান ডেভিছ কাপ টাইৰ স্থান সলনি

By

Published : Nov 5, 2019, 11:25 AM IST

স্পৰ্টছ ডেস্ক, 5 নৱেম্বৰ : আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনৰ (ITF) নিৰাপত্তা উপদেষ্টাৰ পৰামশৰ্ৰ ওপৰত ভিত্তি কৰি ভাৰত-পাকিস্তান ডেভিছ কাপটাইৰ স্থান সলনি কৰা হৈছে ৷ এই সম্পৰ্কত আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনে এক বিবৃতিত উল্লেখ কৰে,"নিৰাপত্তা উপদেষ্টাৰ পৰামৰ্শ অনুসৰি ডেভিছ কাপ কমিটিয়ে ডেভিছ কাপ/অছেনিয়া গ্ৰুপ I টাই ভাৰত-পাকিস্তানৰ 29-30 নৱেম্বৰৰ মেচসমূহ নিৰপেক্ষ স্থানলৈ স্থানান্তৰিত কৰিছে ৷" লগতে কয়, "ITF আৰু ডেভিছ কাপ কমিটিৰ প্ৰাধান্যতা হৈছে খেলুৱৈৰ লগতে বিষয়া-কৰ্মচাৰী আৰু দৰ্শকৰ সুৰক্ষা ৷ সেয়েহে এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ৷"

উল্লেখ্য যে,পূৰ্বে 14-15 ছেপ্তেম্বৰত ইছলামাবাদত ডেভিছ কাপ/অছেনিয়া গ্ৰুপ I টাই মেচ আয়োজন কৰাৰ কথা আছিল যদিও সুৰক্ষাজনিত সমস্যাৰ বাবে 29-30 নৱেম্বৰলৈ পিছুৱাই দিয়া হৈছিল ৷

পূৰ্বে সৰ্বভাৰতীয় টেনিছ ফেডাৰেছনে (AITA) আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছন (ITF) লৈ পত্ৰ প্ৰেৰণ কৰি টুৰ্ণামেন্টৰ স্থান সলনি কৰিবৰ বাবে অনুৰোধ জনাইছিল ৷ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370বাতিলকৰণৰ পাচতে ভাৰত-পাকিস্তানৰ মাজত উদ্বিগ্নতা বৃদ্ধি পোৱাৰ ফলত এই পত্ৰ প্ৰেৰণ কৰিছিল AITA য়ে ৷ ডেভিছ কাপৰ নিয়ম অনুসৰি,বৰ্তমান পাকিস্তান টেনিছ ফেডাৰেছনে পাঁচদিনৰ ভিতৰত এক বিকল্প স্থানৰ নাম প্ৰদান কৰিব লাগিব ৷ নতুন বিকল্প স্থান প্ৰদান কৰাৰ লগতে অনুমোদন লাভ কৰিলেহে ইয়াৰ ঘোষণা কৰা হ'ব ৷

আৰু পঢ়ক : তৎকালীন চিকিৎসাৰ বাবে লক্ষ্নৌ ৰেলৱে' ষ্টেছনত 'Health ATM'

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details