স্পোৰ্টচ ডেক্স,26 ফেব্ৰুৱাৰীঃবুধবাৰে অৱসৰৰ কথা ঘোষণা কৰে বিশ্বৰ প্ৰাক্তন শীৰ্ষস্থানৰ টেনিচ খেলুৱৈ মাৰিয়া চাৰাপোভাই ৷ পাঁচবাৰৰ ‘গ্ৰেণ্ড শ্লাম’ খিতাপ বিজয়ী চাৰাপোভাই বিগত কিছুদিন ধৰি কান্ধৰ সমস্যাত ভূগাৰ বাবে 373 স্থানলৈ অৱনমিত হয় ৷ এক সংবাদ মাধ্যমত এই দুখ প্ৰকাশ কৰি খেলুৱৈগৰাকীয়ে এক প্ৰৱন্ধত লিখে যে, "আপুনি ইমান দিনে জানি অহা একমাত্ৰ জীৱনটোৰ আঁৰত কেনেদৰে জীয়াই থাকিব ? বাল্যকালৰে পৰা আপুনি যিখন কোৰ্টত নিজৰ প্ৰিয় খেলটোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে, যি খেলে আপোনাক অশ্ৰুৰ লগতে আনন্দ প্ৰদান কৰি আহিছে-যি খেলৰ জৰিয়তে আপুনি পৰিয়ালৰ লগতে সুদীৰ্ঘ 28 বছৰে আপোনাক আন্তৰিকতা প্ৰদান কৰি অহা অনুৰাগীসকলক লাভ কৰিছে, তাৰ পৰা আঁতৰি আপুনি কেনেদৰে খোজ দিব?"
"টেনিচ-মই চিৰবিদায় মাগিছো"-মাৰিয়া চাৰাপোভা
বুধবাৰে অৱসৰৰ কথা ঘোষণা কৰে বিশ্বৰ প্ৰাক্তন শীৰ্ষস্থানৰ টেনিচ খেলুৱৈ মাৰিয়া চাৰাপোভাই ৷ পাঁচবাৰৰ ‘গ্ৰেণ্ড শ্লাম’ খিতাপ বিজয়ী চাৰাপোভাই বিগত কিছুদিন ধৰি কান্ধৰ সমস্যাত ভূগাৰ বাবে 373 স্থানলৈ অৱনমিত হয় ৷
"টেনিচ-মই চিৰবিদায় মাগিছো৷"-মাৰিয়া চাৰাপোভা
"মই ইয়াৰ বাবে একেবাৰে নতুন, গতিকে মোক ক্ষমা কৰিব ৷ টেনিচ-মই চিৰবিদায় মাগিছো ৷"
লগতে পঢ়ক-পুনৰ তদন্ত হ'ব ডেনিয়েল তপ্ন হত্যাকাণ্ডৰঃ সাংসদ পল্লৱ লোচন দাস