স্পৰ্টছ ডেস্ক, 12 আগষ্ট : সৰ্বভাৰতীয় টেনিছ সংস্থা (AITA) ৰ সাধাৰণ সচিব হিৰণ্ময় চেটাৰ্জীয়ে সোমবাৰে আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছন (ITF) লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ ডেভিছ কাপৰ বাবে পাকিস্তান ভ্ৰমণ কৰিবলগা ভাৰতীয় দলৰ খেলুৱৈ সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই পত্ৰ প্ৰেৰণ কৰা হয় ৷
আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনলৈ হিৰণ্ময় চেটাৰ্জীৰ পত্ৰ প্ৰেৰণ
আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছন (ITF) লৈ পত্ৰ প্ৰেৰণ কৰিছে সৰ্বভাৰতীয় টেনিছ সংস্থা (AITA) য়ে ৷ ভাৰতীয় দলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই পত্ৰ প্ৰেৰণ কৰা হয় ৷
হিৰণ্ময় চেতাৰ্জী
উল্লেখ্য যে, 55 বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলে ডেভিছ কাপত অংশগ্ৰহণৰ বাবে ইছলামাবাদ ভ্ৰমণ কৰাৰ কথা আছিল ৷ ছেপ্তেম্বৰৰ 14 আৰু 15 তাৰিখে এই প্ৰতিযোগিতাৰ দিন ধাৰ্য কৰা হৈছিল ৷
কিন্তু, শেহতীয়াকৈ জম্মু-কাশ্মীৰত অনুচ্ছেদ 370 বাতিলকৰণৰ পাছতে পাকিস্তানে ভাৰতৰ সৈতে সকলো ধৰণৰ সম্পৰ্ক ছেদ কৰিছিল ৷