স্পৰ্টছ ডেস্ক, 19 জুনঃ টেনিছ ক্ৰীড়াপ্ৰেমীৰ বাবে আহিছে সুঃখবৰ । চলিত বৰ্ষতে অনুষ্ঠিত হ'ব টেনিছ জগতৰ খ্যাতিপূৰ্ণ গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতা ফ্ৰেন্স অ'পেন। আগন্তুক 27 ছেপ্তেম্বৰৰপৰা 11 অক্টোবৰলৈ অনুষ্ঠিত কৰা হ'ব ফ্ৰেন্স অ'পেন ৷
লক্ষ্যণীয় কথা এই যে, দৰ্শক বিহীনভাৱে নহয় দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত কৰা হ'ব 2020 ফ্রেন্স অ'পেন প্ৰতিযোগিতা । দর্শকৰ অনুপস্থিতিত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা নহয় বুলি স্পষ্ট কৰা হৈছে । অৱশ্যে ষ্টেডিয়ামত কিমান সংখ্যক দর্শকৰ বাবে আসন মুকলি থাকিব, সেই সন্দর্ভত কর্তৃপক্ষৰ সৈতে আলোচনাৰ পাচতেই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ফ্রেন্স টেনিছ ফেডাৰেচনৰ অধ্য়ক্ষ বাৰ্ণাড গিওডিছেলিয়ে ।