স্পৰ্টছ ডেস্ক, ৮ মে': বিশ্বজুৰি চলি থকা কৰ'ণা ভাইৰাছৰ ফলতেই স্তব্ধ হৈ পৰিছে বিশ্বৰ ক্ৰীড়াজগত । ইতিমধ্যে বাতিল তথা স্থগিত কৰা হৈছে বহু কেইটা নামি-দামী প্ৰতিযোগিতা । টেনিছ জগতো বাৰুকৈ প্ৰভাৱিত হৈছে এই মহামাৰীৰ ফলত । উইম্বলডন বাতিল কৰাৰ বিপৰীতে স্থগিত কৰা হ'ল ফ্ৰেন্স অ'পেন প্ৰতিযোগিতা । শেহতীয়াকৈ ফ্ৰেন্স অ'পেনৰ বাবে দৰ্শকে ক্ৰয় কৰা সকলো টিকটৰ মূল্য ঘূৰাই দিয়া হ'ব বুলি জানিবলৈ দিয়ে ফ্ৰেন্স টেনিছ ফেডাৰেচনে ।
ফ্ৰেন্স অ'পেনৰ উদ্যোক্তাই দৰ্শকক ঘূৰাব টিকটৰ মূল্য - ফ্ৰেন্স অ'পেন
কৰ'ণা ভাইৰাছৰ বাবেই স্থগিত কৰা হৈছিল গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতা ফ্ৰেন্স অ'পেন । শেহতীয়াকৈ ফ্ৰেন্স অ'পেনৰ উদ্যোক্তাই সকলো দৰ্শকক ক্ৰয় কৰা টিকটৰ মূল্য ঘূৰাই দিয়া হ'ব বুলি জানিবলৈ দিয়ে । ২৪ মে' ৰ পৰিৱৰ্তে ২৭ ছেপ্তেম্বৰত প্ৰতিযোগিতাৰ নতুন তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ।

COVID-১৯ মহামাৰীৰ সৈতে সংগতি ৰাখি বৰ্তমানে স্বাস্থ্যৰ পৰিস্থিতি আৰু মহামাৰীৰ সম্প্ৰসাৰণে বিশ্বজুৰি জনসাধাৰণক একত্ৰিত কৰাত অনিশ্চয়তাৰ কাৰক হৈ পৰিছে বুলি টিকট ক্ৰয় কৰা সকললৈ বাৰ্তা প্ৰেৰণ কৰা হয় ফ্ৰেন্স টেনিছ ফেডাৰেচনৰ তৰফৰ পৰা । ইয়াৰ লগতে কোৱা হয়, যাৰ বাবে Roland-Garros প্ৰতিযোগিতা ছেপ্তেম্বৰৰ শেষলৈ স্থগিত কৰা হৈছে । আমাৰ দায়িত্ব অনুধাৱন কৰিয়ে ফ্ৰেন্স কৰ্তৃপক্ষৰ সৈতে যৌথভাৱে যথোপযুক্ত পদক্ষেপ সমূহ সংজ্ঞাবদ্ধ কৰি উপস্থিত লোকসকলৰ স্বাস্থ্য় সুৰক্ষাৰ সুনিৰ্দিষ্ট কৰিব পৰা হোৱাকৈ তাৰ ওপৰত কাম কৰি থকা হৈছে । অৱশ্য়ে সকলো ৰূপৰেখা অংকন কৰাৰ পাচত প্ৰথমে ক্ৰয় কৰা সকলো টিকট বাতিল কৰাৰ লগতে টিকটৰ মূল্য ঘূৰাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে বুলি ফ্ৰেন্স টেনিছ ফেডাৰচনৰ পৰা কোৱা হয় ।
উল্লেখ্য যে, প্ৰথমে ২৪ মে' ৰ পৰা ৭ জুনলৈ ফ্ৰেন্স অ'পেনৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৰ'ণা ভাইৰাছৰ ফলত স্থগিত কৰি বৰ্তমান ২৭ ছেপ্তেম্বৰৰ পৰা ১১ অক্টোবৰলৈ স্থানান্তৰ কৰা হৈছে প্ৰতিযোগিতাৰ সময়-সূচী ।