স্পৰ্টছ ডেস্ক, 10 জুনঃ কৰ'ণা ভাইৰাছৰ পাচত অনুষ্ঠিত হ'বলগীয়া টেনিছ প্ৰতিযোগিতাত চলিত বৰ্ষত দেখা নাপাব ছুইজাৰলেণ্ডৰ টেনিছ তাৰকা খেলুৱৈ ৰ'জাৰ ফেডেৰৰক । চলিত বৰ্ষৰ বাকী থকা শ্বেচনত টেনিছ কৰ্টৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে খেলুৱৈগৰাকীয়ে । বাওঁফালৰ আঁঠুৰ আঘাতৰ অস্ত্ৰোপ্ৰচাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে খেলুৱৈগৰাকীয়ে । বুধবাৰে টুইটাৰ যোগে এই কথা অৱগত কৰে খেলুৱৈগৰাকীয়ে ।
ফেডেৰৰে টুইট কৰি কয়, মোৰ প্ৰিয় অনুৰাগী সকল, মই আশা কৰিছো আপোনালোক সুৰক্ষিতে আছে । কিছু সপ্তাহ পূৰ্বে মই মোৰ পুনৰ্সংস্থাপনৰ আৰম্ভণিত কিছু অসুবিধাৰ সন্মুখীন হৈছিল । মোৰ বাওঁভৰিৰ আঁঠুৰ অস্ত্ৰোপ্ৰচাৰ কৰিবলগীয়াহ'ল।