অসম

assam

ETV Bharat / sports

হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টঃ চেম্পিয়ন হ’ল এলেনা ৰাইৱাকিনা - elena rybakina beat 7-6(7), 6-3

হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টৰ ছিংগলছৰ খিতাপ জিনিবলৈ সক্ষম হ’ল কাজাখস্তানৰ 20 বছৰীয়া এলেনা ৰাইৱাকিনাই ৷

হ’বাৰ্ট ইণ্টাৰনেশ্বনেল টুৰ্ণামেণ্টঃ চেম্পিয়ন হ’ল এলেনা ৰাইৱাকিনা
হ’বাৰ্ট ইণ্টাৰনেশ্বনেল টুৰ্ণামেণ্টঃ চেম্পিয়ন হ’ল এলেনা ৰাইৱাকিনা

By

Published : Jan 18, 2020, 5:57 PM IST

স্পৰ্টছ ডেস্ক, 18 জানুৱাৰীঃ চীনৰ প্ৰতিদ্বন্দী খেলুৱৈ ঝাংগ শ্বুৱেইক পৰাস্ত কৰি হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টৰ ছিংগলছৰ খিতাপ জিনিলে কাজাখস্তানৰ এলেনা ৰাইৱাকিনাই ৷

এলেনা ৰাইৱাকিনা

এক ঘণ্টা 33 মিনিটলৈ চলা ফাইনেল মেচখনত 20 বছৰীয়া এলেনাই 7-6(7), 6-3 ছেটত জয় লাভ কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ এলেনাৰ টেনিছ কেৰিয়াৰৰ এইটো হৈছে দ্বিতীয়টো ডব্লিউটিএ (WTA) খিতাপ ৷

হ’বাৰ্ট ইণ্টাৰনেশ্বনেল টুৰ্ণামেণ্ট ফাইনেল মেচ

আনহাতে এই হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টৰ মহিলা ডাবল্ছৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ছানিয়া আৰু নাডিয়াই ৷ ফাইনেলত চীনৰ ঝাং শ্বুৱেই আৰু পেং শ্বুৱেইক6-4, 6-4 প্ৰত্যক্ষ ছেটত পৰাস্ত কৰি খিতাপ জয় কৰে ভাৰতৰ ছানিয়া আৰু ইউক্ৰেইনৰ নাডিয়া কিচন’কৰ যুটিটোৱে ৷ উল্লেখ্য যে, মাতৃত্ব লাভ কৰাৰ সুদীৰ্ঘ দুটা বছৰৰ পাচত ছানিয়া মিৰ্জাৰ এইটো হৈছে প্ৰথম আন্তঃৰাষ্ট্ৰীয় খিতাপ ৷

ছানিয়া আৰু নাডিয়াৰ হ’বাৰ্ট ইণ্টাৰনেশ্বনেল টুৰ্ণামেণ্টৰ মহিলাৰ ডাবল্ছৰ খিতাপ

ABOUT THE AUTHOR

...view details