অসম

assam

ETV Bharat / sports

এটিপি ফাইনেলছত থিয়েমৰ হাতত পৰাস্ত নাডাল

অষ্ট্ৰিয়াৰ ডমিনিক থিয়েমৰ হাতত পৰাস্ত ৰাফেল নাডাল ৷ নাডালক 7-6(7), 7-6(4) ছেটত পৰাস্ত কৰে থিয়েমে ৷

ৰাফেল নাডালক পৰাস্ত কৰে থিয়েমে
অষ্ট্ৰিয়াৰ ডমিনিক থিয়েম

By

Published : Nov 18, 2020, 10:26 AM IST

স্পৰ্টছ ডেস্ক, 18 নৱেম্বৰ : মঙলবাৰে লণ্ডনৰ O2 এৰেনাত অনুষ্ঠিত এটিপি ফাইনেলছত ডমিনিক থিয়েমৰ হাতত পৰাস্ত হয় ৰাফেল নাডাল ৷ গ্ৰুপ লণ্ডন 2020 ৰ ৰাউণ্ড ৰবিন প্লে'ত বৰ্তমান 2-0 ৰে অগ্ৰগতি লাভ কৰিছে থিয়েমে ৷ ইয়াৰ জৰিয়তে ছেমি ফাইনেলত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিছে থিয়েমে ৷ ৰাউণ্ড ৰবিন মেচৰ ফাইনেলত অষ্ট্ৰিয়ান খেলুৱৈগৰাকীয়ে বৃহস্পতিবাৰে আন্দ্ৰে ৰোবলেভৰ বিৰুদ্ধে মেচত অৱতীৰ্ণ হ'ব ৷ নাডালক 7-6(7), 7-6(4) ছেটত পৰাস্ত কৰে থিয়েমে ৷

মেচৰ অন্তত থিয়েমে কয়, "এক উচ্চ পৰ্যায়ৰ মেচত অংশগ্ৰহণ কৰিলো ৷ মোৰ ছাৰ্ভক লৈ মই বহু সুখী, কিয়নো যেতিয়াই মই প্ৰথম ছাৰ্ভ লাভ কৰো পইন্ট জয় কৰাৰ সম্ভাৱনা অধিক থাকে ৷"

এটিপি ফাইনেলছত থিয়েমৰ হাতত পৰাস্ত নাডাল

তেওঁ লগতে কয়, "প্ৰথমটো টাই ব্ৰেকৰ সময়ত মই কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিলো...মোক ছাৰ্ভে বহু সহায় কৰিলে ৷ এয়া ইণ্ডোৰ টেনিছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ষ্ট্ৰোক ৷ মই সুখী যে, মোৰ ছাৰ্ভে সহায় কৰিলে ৷"

উল্লেখ্য যে, মঙলবাৰে ডানি মেডভেডেভে পোনপটীয়া ছেটত পৰাস্ত কৰে আলেকজেণ্ডাৰ জোৱোৰেভক ৷ ৰাছিয়াৰ মেডভেডেভয়ে জাৰ্মান প্ৰতিপক্ষ আলেকজেণ্ডাৰৰ বিৰুদ্ধে 6-3, 6-4 ছেটত জয়ী হ'বলৈ সক্ষম হয় ৷

লগতে পঢ়ক :ড'পিঙৰ ইতিবাচক ফলাফলৰ বাবে দুবছৰলৈ নিষিদ্ধ ছাইনা

ABOUT THE AUTHOR

...view details