স্পৰ্টছ ডেস্ক, 15 জুনঃ চাৰ্বিয়াৰ বেলগ্ৰেডত অনুষ্ঠিত হোৱা এড্ৰিয়া ট্যুৰ টেনিছ প্ৰতিযোগিতাৰ প্ৰথম লীগৰ বিজয়ী হ'ল বিশ্বৰ তিনি নম্বৰ খেলুৱৈ ড'মিনিক থিয়েম । ফিলিপ ক্ৰাজিন'ভিকক পৰাস্ত 4-3 (7-2), 2-4, 4-2 চেটত পৰাস্ত কৰি এই খিতাপ দখল কৰে থিয়েমে । দেওবাৰে অনুষ্ঠিত হৈছিল প্ৰথম লেগৰ ফাইনেল মেচখন । ট্ৰাই-ব্ৰেৰ্কলৈ চলা মেচখনত অৱশেষত থিয়েমে বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ।
বিশ্ব টেনিছ ৰেংকিঙৰ 32 নম্বৰ খেলুৱৈ হৈছে ফিলিপ ক্ৰাজিন'ভিক । কিন্তু মেচখনত ফিলিপে সুন্দৰ খেলৰ প্ৰদৰ্শন দেখুৱাই দ্বিতীয় চেটত 3-1 ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল । অৱশ্য়ে বিৰোধী পক্ষৰ খেলুৱৈয়ে নিজৰ কৌশল, অভিজ্ঞতাৰ পৰিচয় দাঙি ধৰি তৃতীয় চেটত অৱশেষত 2-1 ব্যৱধানত মেচখন জয়ী হয় ।